পৃষ্ঠা:কথা-গীতা.djvu/১৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২১
অষ্টাদশ অধ্যায়

 এমনে ধৃতৰাষ্টক প্ৰতি সঞ্জয়ে কৃষ্ণঅৰ্জ্জুনৰ সম্বাদ কহি প্ৰস্তুত কথাক বুঝায়া কহন্ত। জানা ৰাজা এমনে মঞি বাসুদেৱ অৰ্জ্জুনৰ ৰোমাঞ্চকৰ অদ্ভুত সম্বাদ শুনিলো। যাতে ব্যাসদেবে দিব্যচক্ষুকৰ্ণাদিক দিলা, এতেকে তান প্ৰসাদে যোগেশ্বৰ শ্ৰীকৃষ্ণত হন্তে পৰম গুহ্য যোগ শুনিলো। এই অদ্ভুত পুণ্য সম্বাদ সুমৰি সুমৰি মোৰ মহা বিস্ময় হয় ৰোমো সিহড়য়। এতেকে তুমি পুত্ৰৰ ৰাজ্যাদিৰ শঙ্কা পৰিত্যাগ কৰা। যাৰ পক্ষত যোগেশ্বৰ শ্ৰীকৃষ্ণ আছে, যাত গাণ্ডিব ধনুদ্ধৰ অৰ্জ্জুন আছন্ত, তৈতে ৰাজ্যলক্ষী নিত্য হয়, সদায়ে বিজয়ো দেখি, অতি বৃদ্ধিয়ো লভে ন্যায়ো ঘটে, এমন মোৰ মতি নিশ্চয় হয়। এতেকে ইদানীক তুমি পুত্ৰ সমে শ্ৰীকৃষ্ণত শৰণ পশি পাণ্ডৱক প্ৰসন্ন কৰাই সকল সৰ্ব্বস্ব তাৰাত নিবেদন কৰি পুত্ৰপ্ৰাণ ৰক্ষা কৰা। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ তান প্ৰসাদে আত্মজ্ঞান পায়া অনায়াসে বন্ধ মুক্ত হয়। এই মান গীতাৰ অৰ্থ সংগ্ৰহ বুঝিবা।

 এই অৰ্থক যুক্তি সমে শুনা। সেই পৰম পুৰুষক অনন্য ভক্তিয়ে লভি ইত্যাদি বচনে ভগৱন্তৰ ভক্তিয়ে মোক্ষক প্ৰতি সাধন শুনিছি। এতেকে শ্ৰীকৃষ্ণৰ একান্ত ভক্তি সে তান প্ৰসাদে আত্মজ্ঞান অবান্তৰ ব্যাপাৰে যুক্ত হুয়া মোক্ষৰ হেতু হয়। জ্ঞান পুনু ভক্তিৰ অবান্তৰ ব্যাপাৰ বুঝিবা। যি জনে ভগৱন্তক সততে ভজে তাক দেহৰ অন্তত ভগৱন্তে ব্ৰহ্মতাৰক কহন্ত, এতেকে ভক্তি সে মোক্ষ হেতু জানিবা। ভগৱন্তে মোক যি বুদ্ধি দিলা তেমনে মঞি তান গীতাৰ বাখ্যান কৰিলো৷