পৃষ্ঠা:কথা-গীতা.djvu/১৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১১৮ কথা-গীতা। হয়। স্বধৰ্ম্ম দ্বাৰায় ঈশ্বৰ আৰাধনত উক্ত মোক্ষ প্ৰকাৰক উপসংহৰি কহন্ত। পুৰুষে মোক আশ্ৰয় কৰি সকল কৰ্মক মোত অৰ্পিয়া মোৰ প্ৰসাদে মোৰ সৰ্বোত্তম নিত্য পদক পাৱে! এতেকে তুমি সৰ্বব কৰ্ম্মক চিত্তে মোত অৰ্পি মোকে পুৰুষাৰ্থ মানি বুদ্ধিযোগক আশ্ৰয় কৰি সততে মোত চিত্ত দিয়া, তেবে যি হৈব তাক শুনা। মোত চিত্ত দিয়া মোৰ প্ৰসাদে সকল সংসাৰ দুখ তৰিব। যদি অহঙ্কাৰত থাকি মোৰ বচনক নুশুনা তেবে পুৰুষাৰ্থত ভ্ৰংশ হৈবা। মোৰ বচনক অনাদৰি অহঙ্কাৰক আশ্ৰয় কৰি বন্ধুগণ সমে সুযুঝিবো বুলি যি নিশ্চয় কৰা অস্বতন্ত্ৰ পদে সি নিশ্চয় মিথ্যা। যাতে প্ৰকৃতি ৰজোগুণ ৰূপে পৰিণত হুয়া যুদ্ধত প্ৰবৰ্তাইবে। তুমি স্বাভাবিক যুদ্ধাদি কৰ্মে নিবদ্ধ হুয়া; এতেকে মোহত থাকি যুদ্ধ লক্ষণ কৰ্ম্মক কৰিবে ইছা নকৰা। তাক অবশ্যে কৰিব। | এমনে সজ্ঞ্যাদি মতে প্ৰকৃতিৰ পৰতন্ত্ৰ কৰ্ম্মৰ পৰতন্ত্ৰ কহি ইদানীক স্বমত কহন্ত। সকল ভূতৰ হৃদয়মধ্যত অন্তৰ্যামী ঈশ্বৰ প্ৰাণীসবক নিজ শক্তিয়ে সেই সেই কৰ্ম্মত প্ৰবৰ্তাইতে আছন্ত। যেন দাৰুময় পুতলীক লোকত সূত্ৰধাৰে ফুৰাই তেমনে ঈশ্বৰে দেহাভিমানী জীৱসবক কৰ্ম্মত প্ৰবৰ্ত্তান্ত, যাতে সকল জীব ঈশ্বৰৰ পৰতন্ত্ৰ। এতেকে তুমি অহঙ্কাৰ এড়ি কায় বাক্য মনে সেই ঈশ্বৰত শৰণ লৱা। তেবে তান প্ৰসাদে পৰম শান্তি পায়া পৰমেশ্বৰৰ স্থান নিত্য বৈকুণ্ঠক পাইবা। সকল গীতাৰ অৰ্থক উপসংহৰি কহন্ত; এই প্ৰকাৰে তুমাক মঞি