পৃষ্ঠা:কথা-গীতা.djvu/১৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১৭
অষ্টাদশ অধ্যায়।

কৰি মনুষ্যে সিদ্ধিক লভে। ভালমতে অনুষ্ঠিত পৰধৰ্ম্মত কৰি বিগুণ স্বধৰ্ম্মকে শ্ৰেষ্ঠ জানিবা, যাতো স্বভাব বিহিত কৰ্ম্ম কৰি পুৰুষে পাপ নপাৱে। দোষ যুক্ত হৈলেও স্বভাব বিহিত কৰ্ম্মক পুৰুষে নেড়িব, যাতো সকল কৰ্ম্ম দোষে আবৃত হুয়াছে। যেন অগ্নি ধূমে আবৃত হুয়াছে, তথাপি ধূম ৰূপে দোষক এড়ি প্ৰকাশক শীতাদি নিবৃত্তিৰ অৰ্থে সেবা কৰি, তেমনে কৰ্ম্মৰো দোষাংশক এড়ি গুণাংশক চিত্ত শুদ্ধিৰ অৰ্থে আচৰিবে লাগে। যদি বোলা কৰ্ম্ম কৰিতে কেমনে দোষ এড়ি গুণক ধৰা যাইব এই অপেক্ষাত কহন্ত৷ কৰ্ম্মত অনাসক্ত বুদ্ধি হুয়া অহঙ্কাৰ এড়ি ফলক আশা নকৰি সাত্বিক ত্যাগ আচৰি কৰ্ম্ম নিবৃত্তি লক্ষণ সিদ্ধিক লভিব। এমন সিদ্ধিক পায়া যেমনে ব্ৰহ্মক পায় সেই প্ৰকাৰক সঙ্ক্ষেপে মোৰ বাক্যত শুনা।

 পুৰুষ বিশুদ্ধ বুদ্ধি যুক্ত হুয়া সাত্বিকী স্মৃতিয়ে বুদ্ধিক নিশ্চল কৰি শব্দাদি বিষয়ক এড়ি, কাতো ৰাগ দ্বেষ নাচৰি, শুদ্ধ দেশত থাকি পৰিমিত ভোজন কৰি বাক্য মন শৰীৰক নিয়মি সদায় ধ্যানযোগ পৰ হুয়া পুনু পুনু দৃঢ় বৈৰাগ্য আচৰিব। তেবে অহঙ্কাৰ দুৰাগ্ৰহ অন্যায় প্ৰবৃত্তি কাম ক্ৰোধ পৰিগ্ৰহ মমত্ব এড়ি পৰম শান্তিক পায়া ব্ৰহ্মক পাইবাক লাগি যোগ্য হয়। তেবে ব্ৰহ্মত নহি প্ৰসন্ন চিত্ত হুয়া নষ্টকো শোক নকৰে পাইবেও আকাঙ্ক্ষা নকৰে। সকল ভূততে সম হুয়া সৰ্ব্ব প্ৰাণীতে মোৰ দৃষ্টি লক্ষণ পৰম ভক্তি লভিব। তেবে সেই পৰম ভক্তিয়ে মোক সৰ্ব্বব্যাপী সত্য চৈতন্য আনন্দময় কৰি জানি মোত প্ৰবেশি পৰমানন্দ ৰূপ