পৃষ্ঠা:কথা-গীতা.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
কথা-গীতা৷

অভ্যাসে সে ৰমিবে পাৰে যাত দুষ্‌খৰো অন্ত হয় প্ৰথমে বিষ হেন দুষ্‌খ পৰিণামত অমৃত সম হয়, যি বিশুদ্ধ বুদ্ধিত জাত হয় তাক সাত্বিক সুখ বুলি। বিষয় ইন্দ্ৰিয় সংযোগে যি সুখ অমৃত সদৃশ হয় পৰিণামত বিষ হেন হয় তাক ৰাজস সুখ বুলি। যাত প্ৰথমে পাচতো আপুনাৰ মোহ হয় নিদ্ৰা আলাস প্ৰমাদিত যি সুখ মিলে তাক তামস বুলি।

 অনুক্তকো উপসংহৰি কহন্ত। জানা অৰ্জ্জুন, এই তিনি গুণে যুক্ত যি প্ৰাণী হৈব সি স্বৰ্গতো নাই পৃথিবীতো নেদেখি৷ যদি বোলা তেবে লোকৰ কেমনে মোক্ষ হৈব তাত শুনা। আপুনাৰ জাতিধৰ্ম্মে পৰমেশ্বৰক আৰাধন কৰিতে তান প্ৰসাদে জ্ঞানক পায়া মুক্তি হয়। এই মান সকল গীতাৰ সাৰক দেখায় কহন্ত। হে পৰন্তপ, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰৰ স্বভাব বিহিত গুণে কৰ্ম্মসব বিভাগিছে। তাতে সত্ব প্ৰধান ব্ৰাহ্মণৰ শম দম তপ শৌচ ক্ষমা আৰ্য্যৰ জ্ঞান বিজ্ঞান পৰলোকত নিশ্চয় এই স্বভাব জন্য কৰ্ম্ম। ৰজোগুণ প্ৰধান ক্ষত্ৰিয়ৰ শৌৰ্য্য তেজ ধৃতি কৌশল যুদ্ধত অপলায়ন দান নিয়মন শক্তি আকে ক্ষত্ৰিয়ৰ স্বভাব বিহিত কৰ্ম্ম বুলি। ৰজ তম প্ৰধান বৈশ্যৰ কৃষি বাণিজ্য গোৰক্ষ এই স্বাভাবিক কৰ্ম্ম। ব্ৰাহ্মণ শুশ্ৰুষায়ে শূদ্ৰৰ স্বভাব কৰ্ম্ম জানিবা। চাৰিও জাতি আপুনাৰ কৰ্ম্মত নিষ্ঠ হুয়া জ্ঞানক লভে। যি প্ৰকাৰে লভিব তাক শুনা।

 যি পৰমেশ্বৰ হন্তে প্ৰাণীসবৰ প্ৰবৃত্তি হুয়াছে, যি কাৰণ ৰূপে সকলে বিশ্ব ব্যাপিছা, সেই ঈশ্বৰক আপুনাৰ কৰ্ম্মে অৰ্চ্চনা