পৃষ্ঠা:কথা-গীতা.djvu/১৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথা-গীত। কৰ্ম্মৰ ফলমাত্ৰ পৰিত্যাগ কৰিবে যদি বোলা ফল ত্যাগ হৈলে নিষ্ফল কৰ্ম্মত প্ৰবৃত্তি নহৈব সিয়ো নহে, সকল কৰ্ম্মৰ সঙ্কল্প ভেদে আত্মজ্ঞানৰ অৰ্থে বিনিয়োগ আছে। এতেকে বঞ্চক পদে সকল কৰ্ম ফলক এড়ি আত্মজ্ঞ নৰ অৰ্থে কৰ্ম্ম আচৰিব। যাৱে বুদ্ধি আত্মনিষ্ঠ নহে তাৱে চিত্তশুদ্ধি অৰ্থে যথোচিত কৰ্ম্ম কৰিব। এই অৰ্থ যেতে। কহিছা, নৈফৰ্ম্ম সিদ্ধিতে দেখাইছা, বশিষ্ঠ বাক্যততা পায়, ভাগৱতেয়য়া কহন্ত। তাৱে পুৰুষে কৰ্ম্ম কৰিব, যাৱে বিৰক্ত নহে, মোৰ কথা শ্ৰবণাদিত যাৱে সাত্বিক শ্ৰদ্ধা নহে। জ্ঞাননিষ্ঠ বিৰক্ত বা অপেক্ষাৰহিত মোৰ ভক্ত, চিহ্ন সমে আশ্ৰম ধৰ্ম্ম এড়ি স্নান শৌচ আচান্তাদি মাত্ৰ কৰিব। অজ্ঞানী পুৰুষৰ ফলত্যাগ মাত্ৰ কৰ্ম্মত্যাগ নঘটে। অকে পৰ মত দূৰ কৰি আপুনাৰ মতক দৃঢ় কৰিবাক লাগি মতভেদ দেখান্ত। সাংখ্যবাদীসবে হিংসাদি দোযযুক্ত মানি বন্ধ ভয়ে সকল কৰ্ম্মৰ পৰিত্যাগ কহে। মীমাংসক- সবে কহে যজ্ঞ দান তপ কৰ্ম্মক কদাচিত পৰিত্যাগ নকৰিব। এমন ব্যৱস্থা ত্যাগত মোৰ বাক্যত নিশ্চয় শুনা। হে পুৰুষশ্ৰেষ্ঠ। এই ত্যাগ দুৰ্বোধ যাতে সহাদি গুণ ভেদে তিনি বিধ কৰি কহে। পুৰুষে যজ্ঞ দান তপ কৰ্ম্মক এড়িৰে নাপাৰে কিন্তু সাৱধানে কৰিব যাতে বিবেকৗজনৰ যজ্ঞাদি শুদ্ধিকৰ হয়। যি প্ৰকাৰে কৰিলে শুদ্ধিকৰ হয় তাফ শুনা। পুৰুষে যজ্ঞাদি কৰ্ম্মত অভিনিবেশ এড়ি ঈশ্বৰৰ আজ্ঞা মানি ফলত্যাগ কৰি কৰিব, জাকে মোৰ উত্তম মত বুকিষা। ইদানীক ত্যাগ তিনি বিধ