পৃষ্ঠা:কথা-গীতা.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টাদশ অধ্যায়।

 অষ্টাদশ অধ্যায়ত সন্ন্যাস ধৰ্ম্মক বিভাগিয়া সকল গীতাৰ অৰ্থক সংক্ষেপে কহি পৰমাৰ্থ নিৰ্ণয় কৰিবা। পূৰ্ব্বত কোনো ঠাইত কৰ্ম্মন্যাস কহিছা, কোনো ঠাইত ফল মাত্ৰ ত্যাগ কৰি অনুষ্ঠানকে বুলিছা৷ পৰস্পৰ বিৰোধক সৰ্ব্বজ্ঞ পৰম কাৰুণিক ভগৱন্তে কেনে উপদেশ দিবা। এতেকে কৰ্ম্ম সন্যাসৰ তাৰ অনুষ্ঠানৰো অবিৰোধ প্ৰকাৰ জানিবে ইছাই অৰ্জ্জুনে পোছন্ত। হে হৃষিকেশ! হে কেশীনিসূদন! হে মহাবাহো! কৰ্ম্ম সন্যাসৰ ফলত্যাগৰ তত্বক পৃথকে জানিবে ইছা কৰোঁ ৷ তাক মোত কহিয়োক।

 আৰ উত্তৰ ভগৱন্তে কহন্ত। জানা অৰ্জ্জুন, কতোসবে সকাম কৰ্ম্মৰ পৰিত্যাগ কহে, কতোসবে সকল কৰ্ম্মৰ ফলমাত্ৰ ত্যাগ বোলে। যদি বোলা নিত্য নৈমিত্তিক কৰ্ম্মৰ ফলো নুশুনি, তাৰ কেমনে পৰিত্যাগ ঘটে, যেন বন্ধ্যাৰ পুত্ৰ ত্যাগ নাই আৰ উত্তৰ শুনা। যদ্যপি বেদত স্পষ্টমতে নুশুনি তথাপি অপেক্ষাৱন্তক নিস্ফল কৰ্ম্মত প্ৰৱৰ্ত্তাবে নাপাৰি সামান্যে বিধিবাক্যে কিছো ফলক কহিছে। যেন বিশ্বজিত যজ্ঞে যজিৰে বুলিলে ফল নকৰিলেও বলিৰ স্বৰ্গফল দেখিছি। শ্ৰদ্ধায়ে গুৰুতৰ কৰ্ম্মসিদ্ধি মাত্ৰে বিধিবাক্যৰ প্ৰয়োজন নুবুঝিবা। যাতো পুৰুষৰ বৃত্তি কেৱল কৰ্ম্মত সদাই নঘটে। নিত্য নৈমিত্তিক কৰ্ম্মৰ পুণ্যলোক পিতৃলোক পাপনাশ ফল শুনিছি এতেকে ভাল কহিলা। সকল