পৃষ্ঠা:কথা-গীতা.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
অষ্টাদশ অধ্যায়৷

দেখান্ত। বন্ধ হেতু পদে কাম্য কৰ্ম্মৰ পৰিত্যাগ যুক্ত হয়। চিত্তশুদ্ধিৰ পদে নিত্য নৈমিত্তিক কৰ্ম্মৰ পৰিত্যাগ নঘটে, তথাপি তাৰ পৰিত্যাগ মোহত ঘটে, এতেকে সি ত্যাগক তামস বুলি। দুষ্‌খ বুদ্ধিয়ে দেহৰ প্ৰয়াস ভাৱ ৰাজস ত্যাগ কৰি ত্যাগৰ ফল জ্ঞান নপাৱে। কৰ্ত্তব্য বুদ্ধিয়ে নিত্য নৈমিত্তিক কৰ্ম্মক সঙ্গ ফল এড়ি কৰিলে সাত্বিক ত্যাগ বুলি। সাত্বিক ত্যাগনিষ্ঠ পুৰুষে শীতত প্ৰাতঃ স্নানাদি কৰ্ম্মক দ্বেষ নকৰে, উষ্ণকালত মধ্যাহ্ন স্নানাদিতে আসক্তি নকৰে, সি স্থিৰ বুদ্ধি হুয়া সেই পৰিভবাদি দুষ্‌খকো সহে, স্বৰ্গাদি সুখকো ত্যাগ কৰে, দেহৰ সুখকো বাঞ্ছা নাই, দুষ্‌খ গুচিবাকো কামনা নকৰে।

 যদি বোলা এমন ত্যাগত কৰি কৰ্ম্মত্যাগকে সে ভাল দেখি, তেৰে কৰ্ম্ম বিক্ষেপ নহৈলে জ্ঞাননিষ্ঠা সুখ লভিব, তাত শুনা। দেহাভিমানী পুৰুষে সকল কৰ্ম্মক এড়িতে শক্য নহে, এতেকে যি কৰ্ম্ম কৰিতে কৰ্ম্মফল ত্যাগী হৈল, তাকে মুখ্য ত্যাগী বোলে। এতেকে সাত্বিক ৰাজসিক তামসিকৰ ইষ্ট স্বৰ্গ অনিষ্ট নৰক মিশ্ৰ মনুষ্য। ই তিনি পাপ পুণ্য মিশ্ৰ কৰ্ম্মৰ ফল, পৰলোকত অত্যাগীৰ হয়, কৰ্ম্মফল ত্যাগীৰ নহে। যাতে তাৰা সাত্বিকৰ পাপ নঘটে, ঈশ্বৰত অৰ্পি পুণ্য ফলক পৰিত্যাগ কৰিছে, এতেকে তাৰ তিনি বিধ ফল নহে।

 যদি বোলা কৰ্ম্ম কৰিতে কেনে ফল নহৈব, এই আশঙ্কাত সঙ্গত্যাগী নিৰহঙ্কাৰী পুৰুষৰ কৰ্ম্মলেপ নাই, আকে কহন্ত। হে মহাবাহো অৰ্জ্জুন! সকল কৰ্ম্মৰ সিদ্ধিৰ অৰ্থে সাঙ্খ্যত বেদান্তত