পৃষ্ঠা:কথা-গীতা.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
কথা-গীতা।

আছে, আৰো মোৰ ধন হৈব। আজি এই শত্ৰু মাৰিলোঁ আৰো এই মান মাৰিম। মোৰ সমান ঈশ্বৰ ভোগী কৃতাৰ্থ বলৱন্ত সুখী আঢ্য সৎকুলীন আন কুন আছে। আৰো যজ্ঞ কৰিম দান দিম তাৰ কীৰ্ত্তি শুনি হৰ্ষ লভিম এই অজ্ঞানে মোহিত হুয়া অনেক বিষয়ত চিত্ত দিয়া পৰম আকুল মোহজালে আবৃত হুয়া কাম ভোগত আসক্তি কৰি ঘোৰ নৰকত পৰে। যজ্ঞ দান আদি যি তাৰ মনবাঞ্ছা কহিছো সি কেৱল দম্ভ অহঙ্কাৰ প্ৰধান সে তাত্ত্বিক নহে আক কহন্ত।

 সি আপুনাকে আপুনি পূজ্য মানি অনম্ৰ হুয়া ধন মদ মানে যুক্ত হুয়া মহাদম্ভে বিবেক এড়ি নাম মাত্ৰ যজ্ঞে যজে। অহঙ্কাৰ বল দৰ্প কাম ক্ৰোধক আশ্ৰয় কৰি আত্মদেহত পৰদেহত স্থিত চৈতন্য অংশক দ্বেষ কৰে সাধু সবৰ গুণত দোষ দেখে। দন্ত যজ্ঞত শ্ৰদ্ধা নাই পদে আপুনাৰ বৃথায়ে পীড়া হয়৷ বিবেক এড়ি পশু হিংসাত চৈতন্য দ্ৰোহ মাত্ৰ অৱশেষ ৰহে। কদাচিতো নুগুচে। সেই মহা ক্ৰুৰ নৰাধমসবক মঞি সংসাৰত পেহলাঞু। তাতে অতি ক্ৰুৰ যোনি সিংহ ব্যাঘ্ৰাদিত উপজাঞু৷ সেই মুঢ়সব জন্মে জন্মে আসুৰী যোনি পায়া মোৰ প্ৰাপ্তি সাধন সাধুৰো পন্থক নেদেখে। তাতো কৰি অধম ক্ৰিমি কীটাদি যোনিক পাৱে। সকল দোষৰে মূল নৰকৰ দ্বাৰ কাম ক্ৰোধ লোভ আপুনাৰ বিনাশক, আৰু পুৰুষে সৰ্ব্বদা এড়িব।

 এই ভিনি দোষক এড়ি পুৰুষে আপুনৰ শ্ৰেয়স আচৰি পৰম গতি পাৱে। বেদ বিহিত স্বধৰ্ম্ম এড়ি যি আপুনাৰ