পৃষ্ঠা:কথা-গীতা.djvu/১৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যোড়শ অধ্যায়। অসুৰী সম্পত্তিক এড়ি দৈবী সম্পত্তিক আশ্ৰয় কৰি পুৰুষ মুক্ত হয়, আক নিৰ্ণয় কৰিবাক লাগি যোড়শ অধ্যায় বিবেচিবা। পূৰ্ব অধ্যায়ৰ অন্তত কহিলা পুৰুষোত্তম যোগ বুঝি কৃতাৰ্থ হয়। তাতে কুনে ই তত্ত্ব বুঝে কুনে নুবুঝে এই অপেক্ষাত তত্ত্বজ্ঞানৰ অধিকাৰী অনধিকাৰী বিবেকৰ অৰ্থে ষোড়শ অধ্যায় আৰম্ভ কৰিলা। তাতে অধিকাৰীৰ বিশেষণ দৈবী সম্পত্তি কহন্ত। অভয় চিত্তশুদ্ধি জ্ঞাননিষ্ঠা অন্নাদি দান যজ্ঞ ইন্দ্ৰিয় নিয়ম, বেদ- পাঠ কায়ক্লেশ অবক্ৰতা অহিংসা সত্য অক্ৰোধ উদাৰ ভাব চিত্তৰ উপৰাম পৰদোষ অকথন ভূত দয়া অলোভ কোমলভাব অকাৰ্যত লজ্জা ব্যৰ্থ ক্ৰিয়া ত্যাগ প্ৰভাৱ দৰ্শন ক্ষমা ধৃতি বাহ্য অভ্যন্তৰ শোচ অদ্ৰোহ অভিমান এই ষড়বিংশতি দেবৰ যোগ্য সাত্বিকী সম্পত্তি ভাবি কল্যাণ পুৰুষৰ হয়। অনুৰী সম্পত্তি কহন্ত। দম্ভ দৰ্প অভিমান ক্ৰোধ পাৰুষ অজ্ঞান এই আসুৰী সম্পত্তি ভাবি অকল্যাণ পুৰুষৰ হয়। দুই সম্পত্তিৰ কাৰ্য্য কহন্ত। দৈবী সম্পত্তিযুক্ত পুৰুষে তত্ত্বজ্ঞানত অধিকাৰী হয়। আসুৰী সম্পত্তিমুক্ত পুৰুষ সংসাৰী হয়। হেন শুনি তত্ত্বজ্ঞানত কি মঞি অধিকাৰী হঞো নই েএই সংশয়ে আকুল অৰ্জ্জনক দেখি আশ্বাস কৰ। হে পাণ্ডব: শোক নকৰিবা, তুমি দৈবী সম্পত্তিক সম্মুখে জাত ইয়াছ। সকল প্ৰকাৰে