পৃষ্ঠা:কথা-গীতা.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
পঞ্চদশ অধ্যায়।

যি অব্যয় ঈশ্বৰে তিনিয়ো লোকক প্ৰবেশ হুয়া পালন কৰন্ত এমন পুৰুষোত্তম আপুনাৰ নামক অম্বয়ে কহন্ত। নিত্যমুক্ত পদে মঞি জড়বৰ্গক অতিক্ৰমিছো, নিয়ন্তা পদে চেতন জীবতো উত্তম হুয়াছোঁ। এতেকে লোকত বেদত মঞি পুৰুষোত্তম প্ৰখ্যাত হুয়াছোঁ। এমন ঈশ্বৰক জানন্তাৰ ফল কহোঁ৷ এমনে নিশ্চিতমতি হুয়া যি মোক পুৰুষোত্তম কৰি জানে সি সকল প্ৰকাৰে মোক ভজে। তেবে সৰ্ব্বজ্ঞ হয়৷

 অধ্যায়ৰ অৰ্থক উপসংহৰি কহন্ত। সংক্ষেপে তুমাৰ আগত অতি ৰহস্য শাস্ত্ৰক কহিলোঁ। আক বুঝি যেই সেই পুৰুষ জ্ঞানী হুয়া কৃতাৰ্থ হয়, হে ভাৰত তুমি কৃতাৰ্থ হৈবা, আক কি বুলিবো। ভগৱন্তে পুৰুষোত্তম যোগ নাম পঞ্চদশ অধ্যায়ত সংসাৰ বৃক্ষক ভেদ কৰি পৰম তত্ত্বক উপদেশ দিলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং পঞ্চদশোহধ্যায়ঃ ॥ ১৫ ॥

 হে সাধুসব দেখ শ্ৰীকৃষ্ণক পুৰুষোত্তম কৰি জানিয়া ভজলে সকল জাতিয়ে কৃতাৰ্থ হয়। এতেকে কৃষ্ণক সততে ভজি ডাকি হৰি বোল হৰি।

যজ্‌জ্ঞানেন জনোযাতি সদ্য এব কৃতাৰ্থতাম্।
তমহং ভক্তভীতিঘ্নং পুৰুষোত্তমমাশ্ৰয়ে ॥