পৃষ্ঠা:কথা-গীতা.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
কথা-গীতা৷

ইন্দ্ৰিয়ক স্বীকাৰ কৰি বিষয় সেৱা কৰে। যদি বোলা কাৰ্য্যকাৰণ ব্যতিৰেকে এই আত্মাক কিয় সবে নেদেখে তাত শুনা। দেহৰ পৰা দেহান্তৰ যাইতে দেহত থাকিতেও বিষয়ভোগ কৰিতেও ইন্দ্ৰিয় যুক্ত জীবক বিমূঢ়সবে নেদেখে, জ্ঞানচক্ষুসবে দেখে। এই আত্মা দুৰ্জ্ঞেয় বিবেকীৰ মাঝত কেঞো দেখে কেঞো নেদেখে আকে কহন্ত।

 যোগীসবে ধ্যানাদিয়ে যত্ন কৰি দেহতে শুদ্ধ আত্মাক দেখে। যত্ন কৰিও অশুদ্ধচিত্ত মন্দমতিসবে নেদেখে। ইদানীক অনন্ত শক্তি কহি পৰমেশ্বৰক নিৰূপণ কৰন্ত। আদিত্য চন্দ্ৰ অগ্নিৰ যি তেজে সকল জগতক প্ৰকাশ কৰে, সি তেজ মোৰ জানিবা। পৃথিবীত প্ৰবেশি মঞি ভূত সকলক ধৰোঁ, ৰসময় চন্দ্ৰ হুয়া ওষধিসবকে পুষ্ট কৰো। মঞি জঠৰাগ্নি হুয়া প্ৰাণীসবৰ দেহত থাকি প্ৰাণ অপান বায়ুয়ে যুক্ত হুয়া ভক্ষ্য ভোজ্য লেহ্য চোষ্য ভেদে চাৰিবিধ অন্ন পচাঞু। সবাৰে হৃদয়ত মঞি প্ৰবেশ হুয়াছোঁ। মোত হন্তে সে পূৰ্ব্বাপৰ স্মৃতি জ্ঞান তাৰ নাশো হয়। সকল বেদৰ মঞিসে বেদ্য। মঞিসে বেদৰো বেত্তা জ্ঞানদাতা গুৰু।

 ইদানীক আপুনাৰ সৰ্ব্বোত্তম দেখান্ত। লোকত প্ৰসিদ্ধ ক্ষৰ অক্ষৰ দুই পুৰুষ। ব্ৰহ্মাদি স্থাবৰান্ত শৰীৰকে ক্ষৰ পুৰুষ বুলি। ভোক্তা জীবক অক্ষৰ পুৰুষ বুলি। দুইতো বিলক্ষণ উত্তম পুৰুষ যাক পৰমাত্মা বুলি। আত্মা পদে জড় শৰীৰত বিলক্ষণ। পৰম পদে অক্ষৰ ভোক্তাতো কৰি বিলক্ষণ বুঝিবা।