পৃষ্ঠা:কথা-গীতা.djvu/১৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পঞ্চদশ অধ্যায়। লৈয়া একান্ত ভক্তিয়ে বিচাৰিব। তাঙ্ক পাইবাক লাগি সাধনায়ৰৰ কহন্ত। অহঙ্কাৰ অভিনিবেশ এড়ি, পুত্ৰাদি সঙ্গদোষ তেজি, জ্ঞাননিষ্ঠ হৈয়া কামভোগ পৰিত্যাগ কৰি, সুখ দুখৰূপ শীত উষ্ণাদি দ্বন্দ্ব ধৰ্ম্মে বিমুক্ত হুয়া, অবিদ্যা ছাড়ি, সেই অব্যয় পদক পাৰে। | তাৰ বিশেষ কহি। যাক চন্দ্ৰ সূৰ্য্য অগ্নিয়ে প্ৰকাশ নকৰে, শীত উষ্ণ আদি দোযে নাই, যাক পাই যোগীসব নিবৰ্তন নহে, তাকে মোৰ স্বৰূপ বুঝিবা। যদি তোমাৰ স্বৰূপ পায়া নিবৃত্তি নহে তেবে সুষুপ্তি প্ৰলয়ত তোমাৰ প্ৰাপ্তি সবাৰে আছে, তেবে কুনেনু সংসাৰী হৈব, এই আশঙ্কাত সংসাৰীক দেখান্ত। মোৰ অংশ অবিদ্যায় জীব হুয়া সদাই সংসাৰী হুয়াছে, এতেকে সুষুপ্তি প্ৰলয়ত মোৰ প্ৰকৃতিত লীন ইন্দ্ৰিয়সবক লৈয়া সংসাৰক আসে, আৰ এমন অভিপ্ৰায়। সুষুপ্তি প্ৰলয়ত মোৰ অংশ সকল জীবে মোক পায় থাকে। তথাপি অবিদ্যাবৃত জীবে প্ৰকৃতি সহিতে মোক পাৱে শুদ্ধক নপাৱে। এতেকে পুনু সংসাৰক আসিতে প্ৰকৃতিত লীন ইন্দ্ৰিয় সবক লৈয়া আসে। জ্ঞানীসব পুনু শুদ্ধৰূপ পায়া নিবৃত্তি নহে। ইন্দ্ৰিয়ক আনি কি কয় আত কহন্ত। | যেখন জীবে কৰ্ম্মবশে ষি শৰীৰক পাৱে, মাক বা এড়ে, তেখন পূৰ্বৰ শৰীৰৰ পৰা ইন্দ্ৰিক লৈয়া শৰীৰাৰ যাই, দেহ থাকিতেও ইয়ক নেন্তে দৃষ্টান্ত, যেমন খুপ থাকিতেও বায়ু গন্ধক লৈয়া যাই। ক্ষেেত্ৰ চ ক কসনা জ্ঞাণ মন এই ছয়