সমললৈ যাওক

পৃষ্ঠা:কথা-গীতা.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চদশ অধ্যায়।

 বৈৰাগ্য বিনে জ্ঞান ভক্তি দুয়ো নহে, এতেকে পঞ্চদশ অধ্যায়ে বৈৰাগ্য পূৰ্ব্বক জ্ঞান কহিবা। পূৰ্ব্ব অধ্যায়ৰ অন্তত পৰমেশ্বৰক একান্ত ভক্তিয়ে ভজিলে তান প্ৰসাদে জ্ঞান পায়া মোক্ষ পাৱে আক কহিলা। অবিৰক্তৰ একান্ত ভক্তি জ্ঞানো নহে, এতেকে বৈৰাগ্য পূৰ্ব্বক জ্ঞান উপদেশ দিবাক ইছায়ে সংসাৰ বৃক্ষ সাদৃশ্যে কহন্ত। জানা অৰ্জ্জুন, সংসাৰ বৃক্ষৰ পুৰুষোত্তম মূল, ব্ৰহ্মাদি শাখা। বিশ্বাসৰ অযোগ্য পদে প্ৰভাত লাগিয়ো স্থিৰ নহে, প্ৰবাহৰূপে বিচ্ছেদো নাই। ধৰ্ম্ম অধৰ্ম্ম কথনৰ দ্বাৰায়ে ছায়াৰূপে কৰ্ম্মফলে সফল জীবৰ আশ্ৰয় পদে বেদসব পত্ৰ বুঝিবা। আক যি জানে সি বেদবেত্তা হয়। তাতে পূন্যৱন্ত ঊৰ্দ্ধৰ শাখা, পাপীসব অধৰ শাখা, তিমি গুণ বৃদ্ধি হয়। বিষয়সব নবীন পত্ৰ, পুণ্য পাপ কৰ্ম্মফলভোগ বাসনাসৰ ঊৰ্দ্ধ অধৰ শিকা, মনুষ্যলোকে হুয়াছে।

 এমন প্ৰকাৰে প্ৰাণীসবে সংসাৰ বৃক্ষৰ ৰূপ নলভে, যাৰ আদি অন্ত স্থিতিও নাই। অস্থিৰ হুয়ো অত্যন্ত বদ্ধমূল হুয়াছে। এতেকে আৰু দুৰ্ভেদ অনৰ্থকৰ জানি অহস্মমতা ত্যাগ দৃঢ় অস্ত্ৰ ধৰি সংসাৰ বৃক্ষক ছেদ কৰি তাৰ মূল পুৰুষোত্তমক বিচাৰ কৰিব। যাক পায়া পুনু নিবৰ্ত্তি নাহে, যাত হন্তে সংসাৰ বিস্তাৰ হুয়াছে, সেই আদি পুৰুষত শৰণ