পৃষ্ঠা:কথা-গীতা.djvu/১৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১২ কথা-গীতা। সেহিসে জ্ঞানী হয়, আনে নহে। যেখন স্থাবৰ জঙ্গম প্ৰাৰ নানা ভেদক একে ঈশ্বৰ শক্তিৰূপ প্ৰকৃতিত প্ৰলয়ত থাকে। সৃষ্টি সময়ত প্ৰকৃতিত হন্তে বিস্তাৰ হয়। আক যি আলোচন কৰে, এমনে প্ৰকৃতিৰূপেও ভূতৰ অভেদ দেখি পৰিপূৰ্ণ ব্ৰহ্মক পাৱে। তথাপি সংসাৰ অৱস্থাত দেহ সম্বন্ধ নিমিত্ত কৰ্ম। তাৰ ফল সুখ দুষ,খাদিয়ে বৈষম্য নিবাৰণ নহে। কেমনে সমদৰ্শন হৈব তাত শুনা। এই পৰমাত্মা অনাদি নিন পদে অধিকাৰী। এতেকে শৰীৰত থাকিতেও নকৰে লিপ্তে নহে। যেন আকাশ পঙ্কাদিত থাকিতেও অসঙ্গ পদে পঙ্কাদিয়ে লিপ্ত • নহে, তেমনে আত্ম। উত্তম অধম দেহত থাকিতেও দেহৰ গুণ দোষে যুক্ত নহয়। অসঙ্গ পদে লিপ্ত নহয়, আক আকাশ দৃষ্টান্তে দেখাইলা।। প্ৰকাশ আত্মাৰ প্ৰকাশ্যে দেহৰ ধৰ্ম্মযোগ নাই। আক ৰবি দৃষ্টান্তে কহন্ত। যেন একে আদিত্যে সকল লোককে প্ৰকাশ কৰে, তেমনে সকল দেহকে আত্মা প্ৰকাশ কৰম্ভ। অধ্যায়ৰ অৰ্থক উপসংহৰি কহন্ত। এমনে জ্ঞান চক্ষুয়ে দেহ আত্মাৰ ভেদক যি জানে, প্ৰকৃতি হন্তেও মোক্ষ উপায় ধ্যানাদিক যি আচৰে, সি পৰম পদ পাৱে। যি ভগৱন্তে মিশ্ৰ প্ৰকৃতি পুৰুষ ভেদ কৰি কহিল, হেন পৰমানন্দ কৃষ্ণ ননন্দন ঈশ্বৰক প্ৰণাম কৰে। ইতি ভগৱদগীতাকথায়াং এয়োদশোহধ্যায়। ১৩। হে সামাজিকসৰ দেশ যোগ সাংখ্য ধ্যান কৰ্ম কৰিৰে নপাৰিলেও