মুক্ত হয়। এই জ্ঞানৰ সাধন কহন্ত। কতোসবে ধ্যান কৰি এই আত্মাক দেহতে দেখে। কতোসবে প্ৰকৃতি পুৰুষৰ বিবেকে শুদ্ধ আত্মাক বিচাৰ কৰে। অপৰসবে অষ্টাঙ্গ যোগৰ বলে মনত জানে। অন্যসবে কৰ্ম্মযোগে দেখিতে যত্ন কৰে। অতি মন্দাধিকাৰীৰ নিস্তাৰ উপায় কহন্ত। কুনোসবে সাংখ্য যোগদি পথে এমন অত্মাক জানিবে নুৱাৰে, কিন্তু মহন্তৰ মুখে শুনি পৰম শ্ৰদ্ধায়ে কথা মাত্ৰ চিন্তে। সেই শ্ৰবণপৰসবে অনায়াসে সংসাৰ তৰে।
কৰ্ম্মযোগক তৃতীয় চতুৰ্থ পঞ্চমত প্ৰপঞ্চিছা। ধ্যান যোগকো ষষ্ঠ অষ্টমত কহিছা। ইদানীক সাংখ্যক প্ৰপঞ্চি কহন্ত। যৎকিঞ্চিৎ স্থাবৰ জঙ্গম প্ৰাণী উৎপন্ন হয় সি সব প্ৰকৃতি পুৰুষৰ অজ্ঞানকৃত সংযোগত হুয়াছে, আক তুমি জানিবা। অজ্ঞানকৃত সংসাৰৰ উদ্ভৱ কহি, তাৰ নিবৃত্তিৰ অৰ্থে শুদ্ধ আত্মজ্ঞান কহন্ত। বিনাশী স্থাবৰ জঙ্গম ভূতসবত অবিনাশী সম পৰমাত্মাক যি দেখে সেই সে সম্যক দেখে, আনে নেদেখে। সকল প্ৰাণীতে সম পৰমেশ্বৰক দেখিলে আপুনাক আপুনি বিনাশ নকৰে মোক্ষ পাৱে। যি এমন নেদেখে সি দেহবাদী আপুনাক আপুনি নাশ কৰি নৰকত পৰে।
যদি বোলা শুভাশুভ কৰ্ম্মে বা আত্মা বৈষম্য হৈলে কেমনে শুদ্ধ হৈব তাত শুনা। প্ৰকৃতি দেহৰূপে পৰিণাম হৈলে সকল প্ৰকাৰে কৰ্ম্মসব কৰে। দেহৰ অভিমানে সে আত্মা কৰ্ত্তা হয় স্বতসে নহে৷ এতেকে আত্মাক অকৰ্ত্তা কৰি যি দেখে