পৃষ্ঠা:কথা-গীতা.djvu/১৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথা-গীতা। দ্বাৰে তাঙ্কে সে পায়, সবাৰে হৃদয়ত নিয়ন্তা ৰূপে থাক। এমনে ক্ষেত্ৰ জ্ঞান সাধন জ্ঞেয় বস্তু তুমাৰ আগত সংক্ষেপে কহিলে।। আক মোৰ ভক্তে অযত্নে জানি মোৰ স্বৰূপ পাৰে। হে অৰ্জুন! অনাদি ঈশ্বৰৰ পুৰুষ অংশ, প্ৰকৃতি শক্তি, এতেকে দুইকো অনাদি জানিব। বিকাৰ দেহেন্দ্ৰিয়াদি গুণ পৰিণাম সুখ দুষখাদিক প্ৰকৃতিৰ কাৰ্য বুঝিবা। দেহ ইন্দ্ৰিয় পৰিণামক প্ৰতি প্ৰকৃতিক কাৰণ কহে। সুখ দুখৰ ভোগক লাগি জীবকে হেতু বুঝিবা। আৰ এমন অভিপ্ৰায়। যদ্যপি অচেতন প্ৰকৃতিৰ স্বতসে কাৰণ নঘটে, অধিকাৰী জীবৰে ভোগ নঘটে। তথাপি চেতনৰ সকাশত অচেতনটে প্ৰবৃত্তি দেখি, যেন বায়ুৰ সকাশত তৃণ চলে, অগ্নিৰ সকাশত জ্বালাসব উৰ্দ্ধ হয়, বৎসৰ সকাশত স্তনৰ দুগ্ধ সুবে। এমনে, পুৰুষৰ সন্নিধানে প্ৰকৃতি কাৰণ হয়। যদি বোল অবিকাৰী জন্মহীন পুৰুষৰ কেনে ভোগ হয়, তাত শুনা। প্ৰকৃতিৰ কাৰ্য দেহত জীবৰূপে থাকে, দেহজনিত সুখাদিক ভোগ কৰে। এই পুৰুষৰ উৎকৃষ্ট নিকৃষ্ট যোনিত ইন্দ্ৰিয়সঙ্গে ভোগৰ কাৰণ জানিবা। এতেকে অজ্ঞানে সে জীবৰ সংসাৰ, পৰমাৰ্থত নাই। এই অভিপ্ৰায়ে জীবৰ স্বৰূপ কহন্ত। প্ৰকৃতিৰ কাৰ্য্য দেহত থাকিতেও পুৰুষ দেহত পৰ তাৰ গুণে যুক্ত নহে, তাৰ হেতু শুনা। দ্ৰষ্টা অনুমোন ধাৰণ পালন সমিধানে মাত্ৰে কৰ্ত্তা। মহন্ত ঈশ্বৰ পৰাত্মা বুলিয়ে বেদত কহে। এমনে পুৰুষক নিগুণ প্ৰকৃতিক গুণময় কৰি যি জানে, সি যিধিক উলঙ্গি প্ৰৱৰ্ত্তিলেও