পৃষ্ঠা:কথা-গীতা.djvu/১৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮৯ ত্ৰয়োদশ অধ্যায়। দুখ দোষ দৰ্শন, পুত্ৰ ভাৰ্য্যা গৃহাদিত প্ৰীতি ত্যাগ, অনাসক্তি, ইষ্ট অনিষ্ট প্ৰাপ্তিত সদাই সমচিত্ত, মঞি পৰমেশ্বৰত সৰ্বাত্মদৃষ্টিয়ে একান্ত ভক্তি, পবিত্ৰ স্থানত নিবাস, প্ৰাকৃত জনত অপ্ৰীতি, আত্ম- জ্ঞানত নিষ্ঠ বুদ্ধি, মোক্ষ বিচাৰ, এই বিংশতি জ্ঞান সাধনক জ্ঞান বুলি; আত অন্য দম্ভাদিক অজ্ঞান বুলি। এই সাধনে জ্ঞেয় বস্তুক কহো সাবধানে শুনা। আক জানি মোক্ষ লভিবা। অনাদি মোৰ নিৰ্বিশেষ ৰূপ পৰব্ৰহ্ম বিধি নিষেধৰ অবিষয়। যদি বোলা ব্ৰহ্ম বিধি নিষেধৰ বিষয় নহৈলে সবাকে ব্ৰহ্ম বুলি, যি বেদ কহে সিতে। বিৰোধ হৈল। এই আশঙ্কাত অচিন্ত্য শক্তিয়ে সৰ্বৰূপ কহন্ত। সবাতে পাণিপাদ শিৰ মুখ শ্ৰবণ চক্ষু লোকত সবাকে আবৰি থাক। সকল প্ৰাণীৰ পাদাদি উপাধিয়ে সকল ব্যৱহাৰৰ আশ্ৰয় হুয়া আছ। সকল ইন্দ্ৰিয় বিষয় ৰূপে প্ৰকাশ কৰম্ভ, ইন্দ্ৰিয় বিষয় দুইকে। প্ৰকাশন্ত বা, সকল ইন্দ্ৰিয়ে বৰ্জিত কুনো ঠাইত আসক্তি নাই তথাপি সবাকে ধৰিছন্ত, পৰমাৰ্থত নিণ তথাপি গুণক পালন কৰন্ত, প্ৰাণীসবৰ বাহে অভ্যন্তৰে আছা, কাৰণ পদে চৰাচৰ ৰূপে হন্ত, তথাপি সূক্ষ পদে তাঙ্ক জানিবে নপাৰি, অজ্ঞানীৰ দূৰত থাকা, জ্ঞানীৰ সমীপত থাক, ভূতসবত কাৰণ ৰূপে অভেদে থাক, কাৰ্যৰূপে ভেদো হন্ত, স্থিতি কালত প্ৰাণী- সবক পোষ, প্ৰলয় কালত সংহাৰ কৰ, সৃষ্টি কালত উত্তৱো কৰন্ত, সূৰ্যাদিৰো প্ৰকাশক অজ্ঞানত পৰ। বুদ্ধি বৃত্তিত জ্ঞানৰূপে প্ৰকাশ হন্ত, সৰ্বৰূপে তাকে জানি জ্ঞান