৭
থা-গীতা।
তপ দান যশ অষশ অবিবেকাদিয়ে প্ৰাণীসব মোত হতে হয়।
তৃণ্ড আদি সপ্তঋষি, সনকাদি চাৰি সিদ্ধ, স্বায়ত্ত্ববাদি চতুৰ্দশ মনু,
এসব ব্ৰহ্মৰূপ মোত হন্তে জাত হুয়াছে। এতেকে সবাতে মোৰ
প্ৰভাব আছে। যাৰাৰ লোকত পুত্ৰ পৌত্ৰাদি শিষ্য প্ৰশিষ্যাদি
প্ৰজাসৰ হুয়াছে, মোৰ এই বিভূতি ঐশ্বৰ্যক যি জানে, সি সম্যক
জ্ঞানে যুক্ত হয়, আত সংশয় নকৰিবা।
যেমনে বিভূতি ঐশ্বৰ্যক জানিলে সম্যক জ্ঞান পাৰে তাকে
দেখা। মঞি সকল জগতৰ ভৃগু আদি মনু আদিৰ দ্বাৰায়ে
উৎপত্তিৰ কাৰণ। মোতহস্তে সবাৰে বুদ্ধিজ্ঞানাদি প্ৰবৰ্ত্তে, আক
জনি বিবেকীসব প্ৰীতিযুক্ত হয়। মোক ভজে। প্ৰীতিপূৰ্বক
ভজনকে দেখান্ত। মোত চিত্ত দিয়া মোত ইন্দ্ৰিয় অৰ্পি মোত
জীবন ৰাখি সাধুসঙ্গত অন্যান্যে যুক্তি দিয়া মোক বুঝায়। মোক
কীৰ্ত্তন কৰি পৰম সন্তোষ হয়, আনন্দো লভে। এমনে সদাই
মোত চিত্ত দিয়া প্ৰীতিপূৰ্বকে ভজন্তাসবক মঞি অপৰোক্ষ
জ্ঞান দেঞ যি জ্ঞানে মোক পাৱে। তাৰাৰ অনুগ্ৰহাৰ্থে মঞি
বুদ্ধিবৃত্তিত থাকি প্ৰকাশমান জ্ঞানদীপে সংসাৰ নাশ কৰে।
জ্ঞানদীপৰ ভক্তিপ্ৰসাদ তৈল, সত্বগুণ আধাৰ ব্ৰহ্মচৰ্যাদি সাধনযুক্ত
বুদ্ধি শলা, ভগৱন্তৰ ধ্যানে বৰ্ধক, বিষয়নিবৃত্তচিত্তে গন্বেষাদি
বায়ুনিবক, নিৰন্তৰ ধ্যানজনিত জ্ঞান সাক্ষাৎকাৰে অগ্নিসংযোগ।
এই শাৰী টীকাৰ মত।
সকেপে উক্ত বিভূতিক বাহুল্যমতে জানিবে ইছাই অৰ্জ্জুনে
ভগৱন্তক স্তুতি কৰি পোছ। হে শ্ৰীকৃষ্ণ! তুমি পৰমব্ৰহ্ম
পৃষ্ঠা:কথা-গীতা.djvu/১২৪
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
