পৃষ্ঠা:কথা-গীতা.djvu/১২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



দশম অধ্যায়।

  পূৰ্ব্বত সপ্তমাদি অধ্যায়ত সঙ্ক্ষেপে বিভূতিসব কহিলা। সবাতে ঈশ্বৰ দৃষ্টিৰ অৰ্থে দশম অধ্যায় তাকে বিস্তাৰ কৰি কহিবা। এমনে সপ্তমাদি অধ্যায়ত ভজনীয় পৰমেশ্বৰৰূপ নিৰূপিলা। তান বিভৃতিসবো সপ্তম অষ্টম নবম অধ্যায়ত সঙ্ক্ষেপে কহিছা। ইদানীক সেই বিভূতিক প্ৰপঞ্চিতে আপুনাৰ ভক্তিকো অবশ্যে কৰণীয় বৰ্ণাইতে শ্ৰীভগৱন্তে বোলন্ত । হে অৰ্জ্জুন ! যুদ্ধাদি স্বধৰ্ম্ম অনুষ্ঠানত মোৰ পৰিচৰ্য্যাতো তোমাৰ বাহুযুগল কুশল দেখি। এতেকে পুনু পৰমাৰ্থ নিষ্ঠবচন শুনা। যাতে মোৰ বাক্যামৃত শুনি প্ৰীতি পাৱা, এতেকে তুমাৰ হিতক ইছায়ে কঞো। উক্ত অৰ্থক পুনু কথনত দুৰ্জ্ঞেয় কহন্ত। মঞি জন্মৰহিত হুয়ো নানা বিভূতিয়ে আবিৰ্ভাব হঞু, তাক দেবগণো ঋষিগণো নজানন্ত।যাতে দেবৰ ঋষিৰ উৎপাদক পদে প্ৰবৰ্ত্তক পদেও মঞি কাৰণ। এতেকে মোৰ কৃপা বিনে মোক কেঞো নজানে। যি মোক অজ অনাদি লোক মহেশ্বৰ কৰি জানে সি মনুষ্য মধ্যত মোহৰহিত হুয়া সকল পাপে মুক্ত হয়।

 লোক মহেশ্বৰক প্ৰকট কৰি কহন্ত। সাৰসাৰ বিবেক, আত্ম-বিষয়জ্ঞান, মোহৰ অভাব, সহন স্বভাব, যথাৰ্থ ভাষণ, ৰাহ্যেন্দ্ৰিয় সংযম, মন নিৰোধ, অনুকূল প্ৰতিকূল জ্ঞান, উদ্ভব অনুদ্ভৱ, ভয় অভয়, অহিংসা, ৰাগ দ্বেষ নিবৃত্তি, সন্তোষ, শাৰীৰ, বাচনিক মানস