পৃষ্ঠা:কথা-গীতা.djvu/১২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭১
দশম অধ্যায়।

পৰম আশ্ৰয় পৰম পবিত্ৰ নিত্য দিব্য স্বপ্ৰকাশ আদিদেব অজ ব্যাপক পুৰুষ কৰি ঋষিসবে কহে; দেবঋষি নাৰদ অসিভ দেবল ব্যাস তুমিও কহিছা। এতেকে মোৰ ইদানীক তোমাৰ ঐশ্বৰ্য্যত অসম্ভাবনা নিবৰ্ত্তিল৷ তুমি মোত যি কহা তাক সত্য কৰি মানিলো। তুমাৰ অভিব্যক্তিক আমাৰ অনুগ্ৰহাৰ্থে বুলি দেবগণে নজানে, আমাৰ নিগ্ৰহাৰ্থে হুয়াছে বুলি দানবসবে নজানে, কিন্তু আপুনাক আপুনি মাত্ৰ জানা আনে নজানে। অত্যন্ত সাদৰে বহুধা সম্বোধন কৰন্ত। হে পুৰুষোত্তম, হে ভূতভাবন, হে ভূতেশ, হে দেবদেব, হে জগতপতে, যি বিভূতিসবে তুমি ইহলোক ব্যাপি আছা, সেই দিব্য বিভূতিসব বিস্তৰে কহিবাক যোগ্য হৱা। কহিবাৰ প্ৰয়োজন দেখাই প্ৰাৰ্থনা কৰন্ত। হে ভগবন্ত! কুন বিভূতি ভেদে তুমাক সদাই চিন্তি মঞি জানি। কুন কুন পদাৰ্থত চিন্তনি হৱা। বহিৰ্মুখ চিত্ততো তুমি যেমনে চিন্তনি হৱা সেই সৰ্ব্বজ্ঞাদি যোগৈশ্বৰ্য্যক বিভূতিসবকো বিস্তাৰ কৰি কহা। তোমাৰ বচনামৃতক শুনন্তা মোৰ তৃপ্তি নহে। এই প্ৰাৰ্থনা শুনি ভগৱন্তে কহন্ত, হে অৰ্জ্জুন! তোমাৰ আগত মোৰ দিব্য বিভূতিক সঙ্ক্ষেপে কঞু, যাতো মোৰ বিভূতিভেদৰ অন্ত নাই। প্ৰথমে ঈশ্বৰ স্বৰূপ কহন্ত, হে গুড়াকেশ ! মঞি সকল ভূতৰ চিত্তত সৰ্ব্বজ্ঞাদি ৰূপে নিয়ন্তা হুয়া পৰমাত্মাৰূপে আছোঁ৷ সকল জগতৰ জন্ম স্থিতি সংহাৰৰ হেতু মোক জানিবা।

 ইদানীক বিভূতি কহন্ত। দ্বাদশ আদিত্যৰ মধ্যে বামন মঞি, প্ৰকাশৰ মধ্যত সূৰ্য্য, বায়ুৰ মধ্যত মৰীচি নাম বায়ু, নক্ষত্ৰ