পৃষ্ঠা:কথা-গীতা.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
কথা-গীতা৷

 মহালক্ষীপতি পৰমেশ্বৰ মোৰ ক্ষুদ্ৰ দেবৰ হেন বহুবিত্তসাধ্য যাগাদিত পৰিতোষ নাই, কিন্তু ভক্তিমাত্ৰতে পৰিতোষ। এতেকে ভক্তে দিয়া যৎকিঞ্চিৎ দ্ৰব্যকে তাক অনুগ্ৰহাৰ্থে স্বীকাৰ কৰো৷ যজ্ঞৰ অৰ্থে পশুসোমাদি হেন মোৰ অৰ্থে পত্ৰপুষ্পদিক যত্ন কৰি আনিবে নলাগে কিন্তু স্বভাবত শাস্ত্ৰত বা যি কিছো কৰা, যি ভোজন কৰা, যি হোম কৰা, যি দান কৰা, যি তপ আচৰা, ইসব মোত অৰ্পিত যেমনে হয় তেমনে কৰিবা। তেবে যি ফল পাইবা তাক শুনা। এমন কৰিলে কৰ্ম্মবন্ধন শুভাশুভ ফলে বিমুক্ত হৈবা। কৰ্ম্মসব মোত অৰ্পিত পদে তাৰ ফল বন্ধ নঘটে। এতেকে অৰ্পিত কৰ্ম্মযোগে যুক্ত হুয়া মোকে পাইবা।

 যদি বোলা তুমি ভক্তকেসে মোক্ষ দিয়া অভক্তক নেদা, তেবে তোমাৰো ৰাগদ্বেষাদিকৃত বৈষম্য আছে, তাত শুনা। মঞি সৰ্ব্বভূততে সম, মোৰ প্ৰিয়ো নাই দ্বেষ্যো নাই, তথাপি যি মোক ভজে তাকে মঞি অনুগ্ৰহ কৰো৷ আৰ এমন অভিপ্ৰায়, যেন অগ্নি আপুনাৰ সেবকসবৰ শীতাদি দুষ্‌খক দূৰ কৰিতেও বৈষম্য নহে, যেন কল্পতৰু আপুনাৰ উপাসকৰ কামনা পূৰিতেও বৈষম্য নাই, তেমনে মোৰ ভক্তৰ পক্ষ হন্তেও বৈষম্য নুবুঝিবা কিন্তু ভক্তিৰেসে ই মহিমা। মোৰ ভক্তিৰ অতৰ্ক্য প্ৰভাৱ কহোঁ সাবধানে শুনা৷ অত্যন্ত মহাপাতকীয়ো যদি পৃথকে দেৱতান্তৰ ভক্তি নকৰি মঞি পৰমেশ্বৰক সততে ভজে, তাক সাধু কৰি মানিবা৷ যাতো সি ভাল নিশ্চয় কৰিছে।