পৃষ্ঠা:কথা-গীতা.djvu/১১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৫
নৱম অধ্যায়।

স্বৰ্গক পায়া দেবৰ ভোগ্যসব ভোগ কৰে। পাচে ভোগপ্ৰাপক পুণ্য ক্ষয় হৈলে মনুষ্য লোকত পড়ে। পুনু ধৰ্ম্ম বাসনায়ে ধৰ্ম্ম কৰে। এমনে গতাগত ফলক লভে। মোৰ ভক্তসব পুনু মোৰ প্ৰসাদে কৃতাৰ্থ হয়৷ যিসব নিষ্কাম হুয়া নিতান্তে মোক উপাসা কৰে, সেই মোত একনিষ্ঠ ভক্তসবক প্ৰাৰ্থনা বিনেও মঞি ধৰ্ম্মঅৰ্থকামমোক্ষক দেঞু। যদি বোলা পৰমাৰ্থত তুমি বিনে দেৱতান্তৰ নাই, এতেকে অন্য দেবভক্তসবো তুমাৰে সেবক, কেনে গতাগত লভে তাত শুনা। যি সবে ভেদ দৃষ্টি কৰি পৰম শ্ৰহ্মায়ে অন্য দেবতাক উপাসা কৰে তাৰাও মোকে ভজে, ই সত্য হয়৷ তথাপি মোক্ষপ্ৰাপক বিধি বিনে যজে, এতেকে গতাগত লভে।

 আকে স্পষ্ট কৰি কহন্ত। মঞি সকল যজ্ঞৰ ভোক্তা ফলদাতা এমন মোক তাৰ পৰমাৰ্থত নজানে, এতেকে পুনৰাবৰ্ত্তন হয়। যাৰা সবে সকল দেবতাতে মঞি অন্তৰ্যামীক জানিয়া ভজে তাৰাৰ আবৰ্ত্তন নাই, আকে দেখান্ত। দেব উপাসকসব দেবকে যাই, পিতৃ উপাসকসব পিতৃকে যাই, ভূত প্ৰেতক যি ভজে সি ভূত প্ৰেতকে পাৱে, যি সবে মোক পূজা কৰে সি অক্ষয় পৰমানন্দ মোকে পায়। এমনে আপুনাৰ ভক্তৰ অক্ষয় ফল কহি ভক্তিৰো অনায়াস দেখান্ত। যি জনে ভক্তিয়ে মোক পত্ৰ পুষ্প ফল জল মাত্ৰ দেই, সেই শুদ্ধচিত্ত নিষ্কাম ভক্তৰ মঞি পৰম প্ৰীতিয়ে পুষ্পক পৰিধান কৰো, পত্ৰক দেহত ধৰে, ফলক ভোজন কৰো, জলকো পান কৰো ৷