পৃষ্ঠা:কথা-গীতা.djvu/১২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নৱম অধ্যায়। যদি বোলা সম্যক নিশ্চয় মাত্ৰে কেমনে সাধু মানিবে তাত শুনা। দুৰাচাৰৰ মোক ভজি শীঘ্ৰে ধৰ্ম্মচিত্ত হয়। চিত্তৰ উপপ্লব নিবৃতি পৰমেশ্বৰ নিষ্ঠাকো লভে। কুতৰ্কবাণীৰে আক নামানিবে বুলি অৰ্জুনৰ শঙ্কাকুল চিত্ত দেখি উৎসাহ বঢ়ান্ত। হে কৌন্তেয়, পঞ্চ মহাবাদ্য বজাই বিবাদীসবৰ সভাক যায় বাহু উপৰক তুলি নিঃশঙ্ক হুয়া অঙ্গীকাৰ কৰা, দুৰাচাৰ জন পৰমেশ্বৰৰ ভক্ত হুয়া কদাচিতে নষ্ট নহে কিন্তু কৃতাৰ্থ হৱে। তেবে তোমাৰ প্ৰৌঢ়ি দেখি কুতৰ্কবাদ এড়ি অসংশয় হুয়া তুমাকে গুৰু মানিব। আচাৰ ভ্ৰষ্টক মোৰ ভক্তি পবিত্ৰ কৰিব আক চিত্ৰ নেদেখিবা। অকুলীন অনধিকাৰীকে সংসাৰত মোচন কৰাই। হে পাৰ্থ, মোক আশ্ৰয় কৰি অন্ত্য জাতি চাণ্ডালাদিও, কৃষি বাণিজ্যত ৰত বৈশ্যসব, অধ্যয়নাদিহীন স্ত্ৰীশূদ্ৰাদিও মোকে সেৱা কৰি পৰম গতি পাৱে, আক নিশ্চয় কৰি জানিব। পাপী চাণ্ডালাদিও মোক ভজি পৰম পদ লভে; তেবে কি বুলিবু কুলীন সদাচাৰীসব মোৰ ভক্ত হুয়া পৰমগতি পাই। পুণ্যৱন্ত ব্ৰাহ্মণসব ৰজাসব ঋষিসব মোৰ ভক্তি কৰি উত্তম গতি লভিব, তাক কি কহিবে। এতেকে তুমি অনিত্য অনুখ ৰাজঋষি প্ৰবৰ দেহক পায়৷ মোক ভজা। অনিতা পদে বিলম্ব নকৰি, অসুখ পদে সুখাৰ্থে উম তেজি, মোৰ্ক ভা। ভজন প্ৰকাৰ দেখায়া উপসংহৰি কহন্ত। হে অৰ্জুন! তুমি মোত মন দিয়া, মোৰ সেবক হয়,