পৃষ্ঠা:কথা-গীতা.djvu/১১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



নবম অধ্যায়।

 অষ্টম অধ্যায়ত শুদ্ধ ভক্তিয়ে পৰমেশ্বৰক পাই ই স্থিত হৈল। নবম অধ্যায়ত ভক্তি, ভগৱন্তৰো অত্যন্ত আশ্চৰ্য ঐশ্বৰ্য্য কহিবা। এমনে সপ্তম অষ্টম অধ্যায়ত কহিলা, কেৱল ভক্তিয়ে ভগৱন্তক লাভ, ইদানীক আপুনাৰ অচিন্ত্য ঐশ্বৰ্যক ভক্তিৰো অসাধাৰণ প্ৰভাবক প্ৰপঞ্চিৰে লাগি ভগৱন্ত কহন্ত। হে অৰ্জ্জুন, তুমাত ভক্তি সহিত ঈশ্বৰ জ্ঞান কহোঁ। যাতো পুনু পুনু আপুনাৰ মহিমা কহা বুলি পৰম কাৰুণিক মোত দোষ দৃষ্টি নকৰা। ধৰ্ম্মজ্ঞানক গুহ্য বুলি, দেহত ব্যতিৰেক আত্মজ্ঞানক গুহ্যতৰ বুলি, পৰমেশ্বৰ জ্ঞানক অতি ৰহস্য পদে গুহ্যতম কহি। যাক জানি সংসাৰৰ অনায়াসে মুক্ত হৈবা। হ জ্ঞান বিদ্যাৰ ৰাজা, গুহ্যৰো গুহ্য, উত্তম পবিত্ৰ দৃষ্টফল, সৰ্ব্ব ধৰ্ম্মৰ ফল পদে ধৰ্ম্মকেো নেড়িছে, কৰিবাকো সুখ অব্যয় ফল পদে যাৰ কিঞ্চিতৰো নাশ নাই।

 যদি বোলা ই ধৰ্ম্ম সুকৰ হৈলে কোনেনো সংসাৰী হৈব, আত শুনা। এই ভক্তি সহিত জ্ঞান লক্ষণ ধৰ্ম্মক আস্তিক্য বুদ্ধি স্বীকাৰ নকৰি, উপায়ান্তৰে মোক পাইবে যত্ন কৰন্তেও মোক নপায়া মৃত্যুযুক্ত সংসাৰ পথত ভ্ৰমে। এমনে প্ৰস্তুত জ্ঞানক প্ৰশংসা কৰি শ্ৰোতক সম্মুখ কৰাই সেই জ্ঞানক কহিবে লাগিলা। জানা অৰ্জ্জুন, মঞি অতীন্দ্ৰিয়মূৰ্ত্তি কাৰণৰূপে সকল জগতক ব্যাপি আছোঁ। এতেকে কাৰণৰূপ মোত সকল চৰাচৰ ব্যাপি