তাত অৰ্জ্জুনে পোছন্ত; হে কৃষ্ণ প্ৰথমে পুৰুষ শ্ৰদ্ধায়ে প্ৰবৰ্ত্তিল। পাচে শিথিল অভ্যাস হুয়া যোগক এড়ি বিষয়পৰ হৈল তেবে কি গতি পাৱে? যেন মেঘখণ্ড পূৰ্ব্ব মেঘৰ পৰা বিয়োগ হৈলে মেঘান্তৰকো নাপাই মাঝতে লয় হৱে, তেমনে কৰ্ম্মসব ঈশ্বৰত অৰ্পিল পদে তাৰ ফল স্বৰ্গকো নাপাৱে। যোগ সিদ্ধ নহৈল পদে মোক্ষো নঘটে। এতেকে উভয় ভ্ৰংশ দেখি তুমি সৰ্ব্বজ্ঞে মোৰ ই সংশয় দুৰ কৰা। তোমাত বিনে আন সংশয়ছেত্তা নেদেখো। আৰ উত্তৰে ভগৱন্তে কহন্ত। হে পাৰ্থ যি শ্ৰদ্ধায়ে যোগত প্ৰৱৰ্ত্তিছে তাৰ ইহ- লোকত নাশ নঘটে, পৰলোকত নৰক নহৱে। সি কদাচিতো দুৰ্গতিক নপাৱে, কিন্তু পুণ্যৱন্তৰ স্থান পায়া অনেক কাল সুখ- ভোগ কৰি সদাচাৰী শ্ৰীমন্তৰ গৃহত সেই যোগভ্ৰষ্ট জন্ম লভে। অল্পকাল যোগ অভ্যাসি ভ্ৰংশ হৈলে এই গতি কহিলা। চিৰাভ্যস্ত যোগী পুনু যোগীৰ গৃহত জন্ম লভে। লোকৰ মধ্যত এই জন্ম দুৰ্লভ। তেবে দুয়ো প্ৰকাৰ জন্মত পূৰ্ব্ব অভ্যাসৰ বলে অধিক মতে যোগক লাগি যত্ন কৰে। যোগৰ জিজ্ঞাসুও বেদোক্ত কৰ্ম্ম ফলত কৰি অধিক ফল পায়া মুক্ত হয়, যোগ যুক্ত মুক্ত হৈব তাক কি বুলিবোঁ। এতেকে কৃচ্ছ্ৰ, চান্দ্ৰায়ণাদি তপোনিষ্ঠত কৰি যোগী শ্ৰেষ্ঠ, শাস্ত্ৰজ্ঞানীতো কৰি অধিক, কৰ্ম্মীত কৰি বৰ। এতেকে তুমি যোগী হৱা। যম নিয়মাদিপৰ যোগীত কৰি মোত আসক্ত চিত্ত হুয়া পৰম শ্ৰদ্ধায়ে মোক যি সততে ভজে সি উত্তম শ্ৰেষ্ঠ মোৰ মত, এতেকে তুমি মোৰ ভক্ত হৱা। ভক্তিযোগ
পৃষ্ঠা:কথা-গীতা.djvu/১০২
অৱয়ব