পৃষ্ঠা:কথা-গীতা.djvu/১০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ষষ্ঠ অধ্যায়। মনত ব্ৰহ্মৰূপ সমাধি সুখ মিলে। তেবে যােগী অবিদ্যা এড়ি কৃতার্থ হুয়া সর্বোত্তম সুখ লভি জীবন্মুক্ত হয় ব্রহ্মসাক্ষাৎ- কাৰ কৰে, তাক শুনা। সর্বপ্রাণীতে আত্মাক দেখে। আত্মাতে সর্বপ্রাণীকে দেখে। এমনে সবাতে ব্রহ্মদৃষ্টি হয়। এবষ্কৃত জ্ঞান সর্বভূততে আত্মদৃষ্টি মােক্ষ সাধন। যি জনে মঞি পৰমেশ্বৰক সকল ভূততে দেখে, সকল ভূতকো মােতে দেখে, তাৰ মঞি অদৃশ্য নহে। তাক মঞি প্রত্যক্ষ হুয়া কৃপাদৃষ্টি চায়া অনুগ্রহ কৰে। এমন অধিকাৰী পুৰুষ বিধিকিঙ্কৰ নহে। সৰ্ব্বভূতস্থিত মােক অভেদক আশ্রয় কৰি যি ভজে, সি যােগী সকল ধৰ্ম্ম এড়িয়ে মােতেসে প্ররক্তি মুক্ত হয়, কদাচিত ভ্রষ্ট নহে। যি জনে আপােন হেন সবাৰ সুখক বাঞ্ছে, সেই যােগী মােৰ মতে শ্রেষ্ঠ বুঝিবা। উক্ত লক্ষণ যােগৰ অসম্ভৱ দেখি অর্জুনে পােছ। হে মধুসূদন মনৰ লয় বিক্ষেপন্য যি যােগ তুমি কহিলা আৰ চিৰকাল স্থিতি নেদেখাে। যাতে মন স্বভাৱে চঞ্চল ; দেহ ইন্দ্ৰিয়ৰ ক্ষোভক বিচাৰিয়াে যাক জিনিবে নপাৰি, বিষয় বাসনা বন্ধ পদে ভেদ কৰাও নযাই। যেন বায়ুক নিৰােধন ন্যই, তেমনে মনকো নিগ্রহ অশ্য দেখি। তান উক্তিক অঙ্গীকাৰ কৰি মন নিগ্রহ উপায়ক ভগৱন্তে কহ-হে কৌন্তেয় চঞ্চলাদি দোষে মনক নিৰােধ অশ্য বুলি যে কহা ই সত্য হয়। তথাপি আত্মাৰ অভ্যাসে লয়ৰ প্রতিবন্ধ কৰি বিষয়ত বৈৰাগ্যে বিক্ষেপ নিবাৰি বৃত্তিশূন্য মনক ব্ৰহ্মাকাৰে ৰাখিতে পাৰি। এই উপায় বিনে যােগ দুষ্প্রাপ্য। অভাস বৈৰাগ্যে যত্ন কৰি পুনু যােক পাই।