পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কঃ পন্থাঃ

 বাট অনেক, এটি ৰাজ-আলিতে আহি মিলিছেহি। এই ৰাজ আলিটি পাই তাতে লগা অনেক বাট দেখি বৰকৈ বিচুৰ্ত্তি হৈ মই ভাবিবলৈ ধৰিলোঁ আৰু নিজকে নিজে সুধিলোঁ “কঃপন্থা” অৰ্থাৎ কোনটি বাটেদি যাওঁ। এই কথাৰ আচল অৰ্থ হৈছে বৰ্ত্তমান যুগৰ মহাসমস্যা। এই সমস্যাৰ গুৰি টলকি চালে ইয়াকেহে দেখি যে পুৰণিক এৰি দি নতুনক সাৱটি ধৰা। নতুন আৰু পুৰণি দুটিয়ে অনবৰত ঘোৰ কন্দল পাতি বৰ্তমান যুগত যুদ্ধ কৰিবই লাগিছে। নতুনে পুৰণিক কৈছে যে তেওঁৰ কথামতে নতুন আৰু চলিব নোৱাৰে, কাৰণ নতুনে পুৰণি বাট এৰি ন-বাট ধৰা স্বাভাৱিক। পুৰণিয়ে নতুনক কয় যে পুৰণিক এৰিলে নতুনৰ অস্তিত্ব নাথাকে কাৰণ নতুন কেৱল বালিৰে বন্ধা গড়া, কেতিয়া ভাগি যায় তাৰ ঠিক নাই। নতুনে কয় পুৰণি বাটটি খলা-বমা আৰু বেকা, বোকা- পানীৰে ভৰা; এই বাট এৰি নতুন আলি পোন কৰি বান্ধি, সেই দি চলা ফুৰা নকৰি পুৰণি আলিকে ৰাখি চলাফুৰা কৰিলে উন্নতিৰ গন্তব্য ঠাই সোনকালে পোৱা টান আৰু সদায় পুৰণিকে সাৱট মাৰি ধৰি য’তে আছে ততে থকা হৈ পৰে, তেনেহলে বৰ্তমান যুগৰ যিটি উন্নতিৰ ভাওনাঘৰ সেইটি সোনকালে বা একেবাৰে পাচৰ আশা কেতিয়াও কৰিব নোৱাৰি। পুৰণিয়ে এই কথাৰ উত্তৰত এই প্ৰতিবাদ কৰে যে, যদি নতুন নতুন বাট কৰিব খোজে তেনেহলে তেওঁ পুৰণি ঠাইখিনি এৰি দি নতুন ঠাইলৈ গৈ নতুন বাট বান্ধিব লাগিব;