পৃষ্ঠা:কঃ পন্থাঃ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৶৹

নকৰোঁ তেন্তে ১০|১২ বছৰৰ ভিতৰতে অসমীয়া জাতিৰ নাম নুমাব যে তাৰ ভুল নাই। এই গ্ৰন্থ খনিয়েই দেখাব আমাৰ জ্ঞান বিজ্ঞানৰ উন্নতি কেনে দৰে হব লাগে। ব্ৰাহ্মণ কায়স্থ সমাজত বিধবাবিবাহ নোহোৱাৰ কাৰণেই ঈশ্বৰৰ অভিশাপ পৰিছে, এই কথা মই দঢ়াই দৃঢ়াই কওঁ সকলোৱে যেন ভাবি দেখে। ইয়াৰ বাহিৰেও ব্ৰাহ্মণ কায়স্থ সকলে আইন ভঙ্গ কৰি এই পৰ্য্যন্ত ১০|১২ বছৰৰ ভিতৰতেই ছোৱালীবিলাক বিয়া দি জ্ঞান শিক্ষাৰ বাট বন্ধ কৰিছে। এতেকে দেখা যায় ব্ৰাহ্মণ কায়স্থ সমাজ একেবাৰে তল নামি অতল তলিত পৰিব খুজিছে। এই গ্ৰন্থখনি পঢ়িলেই মোৰ শুভ ইচ্ছাৰ ভাব আমাৰ দেশৰ মানুহে বুজি পোৱাৰ আশাৰেই প্ৰকাশ কৰিলোঁ।

 কঃ পন্থাঃ গ্ৰন্থখনি মই ১৯১৯ ইং চনতেই লেখা বুলি আগতে দেখাই আহিছোঁ। স্বৰ্গীয় বিষয়ৰাম বিশ্বাসী এজন ভাল সাহিত্যিক লোক আছিল। সাহিত্যিক যে প্ৰায় দৰিদ্ৰ তাক অনেক দেশেই প্ৰমাণ কৰে। কিন্তু দেশৰ মঙ্গল-সাধক সাহিত্যিকবিলাকেই জাতি গঠন কৰে। এই বিষয়ৰাম বিশ্বাসীয়ে দৰিদ্ৰ অৱস্থা ভুগিও সদায় সাহিত্যৰ উন্নতি কামতেই কাল কটাইছিল, শেষত তেওঁ দৰিদ্ৰ অৱস্থাতেই ঢুকায়। মোৰ গ্ৰন্থখনি তেওঁ আখৰ ভাল দেখি নকল কৰিবলৈ ধৰাত নকল কৰি দিলে। তেওঁ দুই পিঠিত লেখাৰ কাৰণে ছপা কৰিবলৈ অসুবিধা গতিকে শ্ৰীমান মুনীন্দ্ৰনাথ গগৈ বি-এ, বাপাই এতিয়া এপিঠি এপিঠি কৰি নকল কৰি বুঢ়া বয়সত মোক বৰ সহায় কৰিলে। এতেকে স্বৰ্গীয় বিষয়ৰাম বিশ্বাসী আৰু শ্ৰীমান মুনীন্দ্ৰ বাপাৰ কৃতজ্ঞতা শলাগ নোলোৱাকৈ মই থাকিব নোৱাৰিলোঁ। ইতি—

কমলাকান্ত ভট্টাচাৰ্য্য
 উজান বজাৰ গুৱাহাটী