পুৰণি ঠাইত থাকি নতুন নতুন বাট বান্ধে কেনেকৈ? যিহেতু অতীজৰে পৰা এই ঠাইত পুৰণি বাট আছে। পুৰণিয়ে এটি নতুন আলি বান্ধিবলৈ নতুনক মাটি নিদিয়ে। পুৰণিৰ পৰা বলেৰে মাটি কাঢ়ি নিবলৈকো নতুনৰ সংখ্যা নিচেই তাকৰ। পুৰণি আৰু নতুনে এনে বিলাক তৰ্ক বিতৰ্ক কৰা অনেক দিনৰ পৰা শুনি শুনি মই সদায় ভাবি অস্থিৰ হওঁ। এনেতে এদিন ৰাতি মোৰ ঘোৰ টোপনিৰ অৱস্থাত এটি আচৰিত সপোন দেখিলোঁ। সেই সপোনটি এনে, যেন তাৰ কথা বিলাক মোৰ দিঠকতে দেখা। এই সপোনটি এতিয়া ভাঙ্গি কওঁ :-
বিবেকেশ্বৰ বৈৰাগী মই মনত পৰা দিনৰে পৰা মোৰ ঘৰলৈ আহি গৈ থাকে তেওঁ মোক বাৰে চহৰে ভাওনা পতাৰ জাননী এখন আনি দিলেহি। জাননীখনত এই লিখা আছিল “আসাম- বাসী সকলো ধৰ্ম্মৰ সকলো জাত কুলৰ ৰাইজক এই জাননী দি শিৱসাগৰ জিলাৰ ৰাইজ সকলে যোৰহাটৰ মালৌ পথাৰত বাৰ চহ- ৰৰ ভাওনালৈ মিনতিকৈ নিমন্ত্ৰণ কৰি জনাইছে যে আসামৰ ৰাইজ সকলে যেন বাৰ চহৰৰ ভাওনাত উপস্থিত থাকি ৰং-তামচা, শিল্প আৰু কৃষি প্ৰদৰ্শনী চাই যায়হি। নিজ নিজ জিলাৰ মানুহে যি যেনে প্ৰদৰ্শনী দেখাব পাৰে তাক আনিবলৈ যেন ক্ৰুটী নকৰে।” এই জাননীখন পাই বাৰ চহৰৰ ভাওনা দেখাৰ কাৰণে মোৰ মনে ইচ্ছাৰ জৰী ডালিত টান দি যেতিয়া উগদনি ঘণ্টা বজাব ধৰিলে তেতিয়া মই যোৰহাটৰ বাৰ চহৰৰ ভাওনা চাবৰ নিমিত্তে যাবলৈ উদগি পৰিলো, বিশেষকৈ বিবেকেশ্বৰ বৈৰাগীয়ে মোক বৰকৈ উদগাব ধৰিলে, কিয়নো তেওঁ বাৰ চহৰে পতা ভাওনা বিলাক চাবলৈ বৰকৈ ইচ্ছা প্ৰকাশ কৰিলে। দিন বাৰ ঠিক কৰি আমি দুয়ো বাৰ চহৰৰ ভাওনা চাবলৈ গলো। বাৰ চহৰৰ ভাওনা কেনে আৰু