হবলৈকো আশা কৰিব নোৱাৰোঁ। যিহেতু আমি নিজে ধৰ্ম্মহীন জাতি। নৰৰূপী নাৰায়ণ! নাৰায়ণে মানুহৰ দেহ-ঘৰটিত বাস কৰে। আমি নিজৰ মানুহক প্ৰেম-চকুৰে নেচাই বহু পুৰুষৰেপৰা হৃদয়ত পোহা ঘিণ-অহঙ্কাৰেৰে আমি মানুহ হৈ মানুহ-ব্যৱহাৰ কৰি থাকিলে আমাক মানুহৰ ধৰ্ম্ম পালন কৰা নোবোলে। হৰিভক্তি বাহিৰত দেখোৱা বস্তু নহয়, ই ভিতৰত থকা পৱিত্ৰ বস্তু। যাৰ হৃদয়ত প্ৰেম নাই, আৰু যাৰ হৃদয় কপটেৰে ভৰা, তেওঁ কিহৰ হৰি ভক্ত! মুঠতে দেখিবলৈ গলে যি জাতিয়ে ন্যায়ক খুজিবলৈ সাহ কৰিব নোবাৰে, যি সত্যৰ নিমিত্তে প্ৰাণ দিবলৈ সাহ কৰিব নোৱাৰে, সেই জাতিয়ে বৰ্ত্তমান পৃথিবীৰ উন্নতি জখলাত কি সাধ্য উঠিব পাৰে? আমি এনে জাতি, আমাক কিছুমান অজাতি মানুহে যি স্থলত ভাত বা ভাতৰ পোতনি নাইবা মুখৰ থুই হাতত সানি গৱৰ্ণমেণ্টে ৰক্ষা নকৰা- হেতেন, সহজে জাত মৰাৰ ভয় দেখাই আমাৰ ছোৱালী-বোৱাৰী- বিলাকক কাঢ়ি লৈ যাব পাৰে, এনে পক্ষে ভাত, ভাতৰ পোতনি আৰু মুখৰ থুই যি ঠাইত “মেছিল গল্” “উৰা কলৰপৰা” পেলোৱা বোমাতকৈ মহা অস্ত্ৰ, এনে ভয়াতুৰ জাতিয়ে কেতিয়াবা ধৰ্ম্ম ৰক্ষাৰ অৰ্থে প্ৰাণ দিব যে পাৰিব অসম্ভৱ কথা!! জাতিক এনে ভয়াতুৰ কৰিলে কিহে? গোসাঁই-বামুণসকলে জাত যোৱাৰ উচিনাকৈ ধন ভৰাই পৰাচিত কৰা। পাপকাৰ্য্য কৰিলে বা পৰৰ অপকাৰ কিম্বা ন্যায়তঃ দোষ কৰিলে প্ৰায়চিত্ত দণ্ড যে বিহিব নালাগে মই তেনে কথা কোৱা নাই কিন্তু যিবিলাক কাৰ্য্য কৰিলে দেশ, সমাজ আৰু মান ৰক্ষা হয় তাৰ বাবে কিয় প্ৰায়শ্চিত্ত কৰা হয়। ইউ ৰোপলৈ শিক্ষাৰ অৰ্থে বা দেশৰ কথালৈ দেশৰ উপকাৰ অৰ্থে কোনো যুবক গলে, পুনৰ তেওঁ উলটি আহিলে তেওঁক কি
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৬১
অৱয়ব