পৃষ্ঠা:কঃ পন্থাঃ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
কঃ পন্থাঃ

অপৰাধ কৰিলে যে তাৰ বাবে তেওঁৰ পৰাচিত হবলৈ বিধান দিয়া হয়। আমাৰ সমাজ এতিয়া এনে উদাৰ হব লাগিব যে কোনো যুবকে বিলাতী মেম বিয়া কৰি আনিলেও যেন তেওঁক সমাজৰ পৰা বাহিৰ কৰি দিয়া নহয় কিন্তু মেমজনীক হিন্দুশাস্ত্ৰ মতে বিয়া কৰিব লাগিব আৰু হিন্দুধৰ্ম্মী কৰি আমাৰ সৰ্ব্ব শাস্ত্ৰজ্ঞ বেদজ্ঞ শুদ্ধচাৰী গোসাঁই-গুৰুৰ ওচৰত ধৰ্ম্ম উপদেশ দিয়াৰ অৰ্থে দীক্ষিতা কৰিব লাগিব। আমাৰ হিন্দু ধৰ্ম্মক সনাতন ধৰ্ম্ম বোলাৰ অৰ্থ এই যে এই ধৰ্ম্মে সকলো ধৰ্ম্মৰ সকলো সম্প্ৰদায়ৰ মানবজাতিক একোটি সত্য ধৰ্ম্মলৈ যোৱাৰ বাট দেখাব পাৰে কিন্তু হিন্দু আৰ্য্য জাতিৰ এনে উদাৰ পৱিত্ৰ ধৰ্ম্মক আমি এতিয়া পদ্মপত্ৰ কচু পাতৰ পানীৰ দৰে অলপ কাটি হলেই তেনেই পৰিগৈ একো নথকাৰ দৰে পাতিছোঁ। যি হিন্দু ধৰ্ম্ম পৃথিবীৰ সকলো মানৱজাতিৰ ধৰ্ম্ম, যাৰ ভেটি বালিৰে বান্ধোৱা নহয় অথচ শিলৰ, সেই ধৰ্ম্মক আমি এতিয়া বালিৰ গৰাৰ দৰে পাতিছোঁ। আমি অন্য কোনো ধৰ্ম্মী মানুহক আমাৰ ধৰ্ম্মলৈ আনিব নোৱাৰোঁ, আমাৰ ধৰ্ম্মৰপৰা হলে অন্য ধৰ্ম্মে আমাৰ সংখ্যা বছৰি বছৰি কমাই আমাৰ মানুহক লৈ গৈ সেইসকলক আমাৰেই শত্ৰু পাতিব পাৰে। হায়, হায়! এনে বিলাক কথা ভাবিলে চকুলো ওলায়। আমাক যেই সেই ধৰ্ম্মেই জাত মাৰিব পাৰে! মানুহ সত্যৰ সন্তান, মই বামুণ মোৰ বোপায় বামুণ, এইদৰে ৰামুণ বামুণ কৰি গৈ থাকোতে গোটেই গুৰিটিত ব্ৰহ্মা বা ব্ৰহ্ম ওলাই পৰেগৈ, তাৰ অৰ্থ ঈশ্বৰক আদি বোপাই পতা যায়। ঈশ্বৰৰ জাত কি তেনেহলে তেওঁৰ একো জাত নাইকিয়া যাদৱা * বুলিব লগাত পৰে। এতেকে মানুহৰ ধৰ্ম্ম দয়া, ৰুমা, প্ৰেম ভক্তিলৈ মানুহ থাকিলে তাৰ জাত একোৱে