দেউতা বা দেৱতা বুলি কেতিয়াও মাতিব নেপায়। মাতিলে তেনে গুণৰ মানুহক অহঙ্কাৰৰ প্ৰশ্ৰয় দিয়া হয়। অহঙ্কাৰ হিমালয় পব্বতৰ সমান ওখ হলেও তাক কেছুমটাৰ তুল্য দেখিবা। এটাইতকৈ বয়- স্থক ককাইদেউ, খুড়াদেউ এনেবিলাক মাত দি মাতিলে একেবাৰে মৰম স্নেহৰ ভিতৰ সোমোৱা হয়। ইয়াৰ বাহিৰে তোমাক আনে যিদৰে ব্যৱহাৰ কৰে তুমিও সেইদৰে কৰিবা। কেতিয়াও নিজৰ মান নষ্ট নকৰিবা। আমাৰ মানুহক ভয়াতুৰ কৰাৰ মূল কাৰণ আমি ভদ্ৰ- লোক বোলোৱা বিলাকেইহে। চাহাববিলাকৰ দৰে অতি সুন্দৰ মানুহ পৃথিবীৰ আন জাতিত প্ৰায় কম। কিন্তু ছাহাববিলাকৰ উত্তম স্বভাৱক আমিহে ভৰিত তেল দি খোছামোদ কৰি অসংখ্যবাৰ চেলাম থুকি নষ্ট কৰিছোঁ। আমাৰ যেনে নীহ স্বভাৱ, তেখেত- সকলৰ স্বভাৱকো আমি তেনে কৰি পেলাওঁ। এই কাৰণে দুখৰ কথা, ইয়াত থকা ইংৰাজবিলাকে আমাৰ স্বভাৱ ধৰি নীচ হৈ পৰিল। আমি চাকৰটিক চৰটি মাৰিহে হুকুম দিওঁ আৰু সৰু তৰপৰ মানুহক কথাই কথাই গালি-শপনিৰে ধমক দিওঁ। ইয়াকে দেখি চাহাববিলাকেও কুকুৰ চাই টাঙোন দিয়ে। কিন্তু বিলাতত মনিবে তেওঁৰ চাকৰটিক আপুনি অনুগ্ৰহকৈ পানী এগিলাচ আনি দিয়ক বুলিহে কয়! এই বিলাক কথা গমি চাই হে ৰাইজসকল! আমি হে উদাৰ স্বভাৱী ইংৰাজজাতিক আমাৰ কু-স্বভাবখিনি শিকাইছো, এই কাৰণে আমি তেওঁবিলাকক দোষ দিব নোৱাৰোঁ। উচ্চমনা ইংৰাজ জাতিৰ হাতত আমি নথকাহেতেন, আমি যে আৰু কি হলোঁহেতেন, কি কৰিলোঁহেতেন তাক ভাবিবৰ সাধ্য নাই। স্বায়ত্ব-শাসন বা “হোমৰুল” আমাক লাগে যে ঠিক কথা, কিন্তু আমি আমাৰ কু-স্বভাববিলাক নুগুচালে এনে উদাৰ শাসন-নীতিৰ যোগ্য হব নোৱাৰোঁ, আৰু
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৬০
অৱয়ব