দেখাই প্রায়শ্চিত্ত পাতে। আমাৰ দেশত অনেক স্মৃতিৰত্ন আছে। তেখেতসকলৰ জীবিকাই হৈছে কাৰ গাত কোনে থু পেলালে তাৰ বাবে ধনকড়ি লৈ মানুহক পৰাচিত কৰিবলৈ বিচাৰি ফুৰা। আমাৰ অনেক গণ্ডপমৰা মানুহ আছে, যাক দেউতা বুলিলে সাধাৰণ মানু- হক মুখেৰে নামাতে। আজি ৫০|৬০ বছৰ পূৰ্ব্বে ওচৰচুবুৰীয়া আৰু গাঁওৰ সাধাৰণ মানুহেও বৰুৱাৰ ঘৰৰেই হওক বা ফুকনৰ ঘৰৰেই হওক, সৰুৰে ডাঙৰক ককাইদেও, খুৰা, আতা, আপ, তাৱৈ এনে বিলাক সম্বন্ধ ধৰি মাতবোল কৰাৰ প্ৰথা আছিল, আনকি ঘৰৰ চাকৰবিলাকেও ডাঙৰীয়া সকলক ককাইদেউ, বাপা এনেবিলাক সম্বন্ধ ধৰি মাতবােল কৰাৰ প্ৰথা আছিল, তেতিয়া ডাঙৰ সৰুৰ ভিতৰত প্রেম-প্রীতিৰ বান্ধ যেনে আছিল আজিকালি তেনে নাই, ইয়াৰ কাৰণ অনেক ছৰকাৰী কামত নিযুক্ত হৈ, অলপমান ক্ষমতা যি পায় তাক দুর্বল সাধাৰণ মানুহৰ ওপৰত অপ- ব্যৱহাৰ কৰি সিহঁতৰ সময়ে সময়ে অনিষ্ট সাধন কৰাৰ দ্বাৰাই মানুহৰ সাহপিত কম কৰি পেলাইছে। ৰাস্তাৰ মহৰিৰপৰা মৌজা- দাৰ পৰ্যন্ত প্রায় অনেকে আজিকালি বৰুৱা ফুকন হৈ পৰিল। সেইসকলৰ ওচৰত সাধাৰণ মানুহে সদায় মূৰ দোঁৱাই থাকি দেউতা বুলি সম্বােধন নকৰিলে, হয় কাৰৰ গাত ঘাঁহৰ টেক্স মিছাতে লগাই ধন ভৰাব নহয় অইন কিবা অনিষ্টকে কৰিব। দেউতা বুলি সম্বো- ধন কৰি দৰাচলপক্ষে মাতিব পায়। কিন্তু এনে সম্বোধন কেনে জনক কৰিব লাগে? যিজন ঋষিতুল্য, পৰােপকাৰী, স্বদেশপ্ৰেমিক পৰৰ হিত সাধন কৰা যাৰ জীৱনৰ ঘাই ব্ৰত, তেনে মহাত্মালোকক অর্থাৎ যি দেৱতুল্য ৰ্প্ৰকৃতিৰ। ইয়াৰ বাহিৰে অত্যাচাৰী, অপকাৰী, অহঙ্কাৰী, ক্ষমতাৰ অপব্যৱহাৰ কৰা, তেনে মানুহক, ৰাইজসকল!
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৫৯
অৱয়ব