পাতনি
এই গ্ৰন্থখনি যেতিয়া মোৰ হাতীৰ কাৰবাৰ ফেইল হল তেতিয়া মোৰ মনৰ চিন্তা বৰকৈ দেশৰ অৱস্থাৰ ফালে ঢাল খালে। দেখিলোঁ যে অসমীয়া মানুহৰ জ্ঞান-উন্নতি পিনে অলপো মনকাণ নাই। অনেক ডেকাসকলৰ ভিতৰত বি-এ, এম-এ, মহলা দি উঠা আৰু আইনৰ মহলাত উঠি উকীল হোৱাও দেখা পাইছে। কিন্তু প্ৰকৃত জ্ঞান-শিক্ষালৈ মন কাণ প্ৰায় অনেক কম দেখা যায়। যি কোনো দেশ মাতৃ ভাষাৰ উন্নতিয়েই হে জ্ঞানী কৰি তোলে, দুখৰ বিষয় আমি অসমীয়া মানুহে মাতৃ-ভাষাৰ উন্নতিৰ পিনে একো চেষ্টা নকৰোঁ। পৃথিবীত যত বিলাক সভ্য দেশ আগৰপৰা গুৰিলৈকে শক্তিশালী আৰু পৰাক্ৰমী হৈ উঠিছিল আৰু উঠিছে সকলোবিলাক দেশেই যে মাতৃ-ভাষাৰ উন্নতি-সাধন দ্বাৰাই তেনে হৈছে তাৰ ভুল নাই। বিজ্ঞান, দৰ্শন, বুৰঞ্জী আৰু একেশ্বৰ-বাদ ধৰ্ম্মশাস্ত্ৰ মাতৃভাষাৰ চৰ্চ্চাৰ লগে লগে যি কোনো জাতিৰ ভিতৰত বহল হৈ পৰে সেয়ে জাতিটিৰ ভাব-ৰাজ্য গঢ়ি তোলে। আমি অসমীয়াই পুৰণি কালকে সাবট মাৰি ধৰি বহি আছোহক। কাল যে একে ঠাইতে একেদৰে থিৰে নেথাকে তাৰ ভুল নাই। কালে পুৰণিক তললৈ পেলাই নতুন যে ওপৰলৈ তোলে এই কথা নহয় বুলিব পাৰে কোনে? আমি অসমীয়াই সমাজ সংস্কাৰ কৰি আৰু জাতিভেদ শিয়াই সৈতে খানি পেলাই একে জাতি হৈ দেশ-প্ৰেম জগাই শকতকৈ একতা বান্ধেৰে বান্ধিবলৈ মহা-ভীৰু হৈ চেষ্টা নকৰাৰ কাৰণে নিৰাশাই ভয় দেখাইছে যে অসমীয়া জাতি নিৰ্ম্মূল হোৱাৰ পিনেহে গতি কৰিছে। জাতিভেদৰ বান্ধ ছিঙি বৰ্ত্তমান যুগধৰ্ম্ম অনুসাৰে জ্ঞান-বিজ্ঞান, কৃষি-বাণিজ্য প্ৰভৃতি ধন ঘটা বিদ্যাও আমি যদি একতা সূত্ৰত-আবদ্ধ হৈ শিক্ষা কৰিবৰ চেষ্টা