সমললৈ যাওক

পৃষ্ঠা:কঃ পন্থাঃ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
কঃ পন্থাঃ

অনেক চেষ্টা কৰি বিধবা-আশ্ৰম আৰু পতিতাসকলক উদ্ধাৰ কৰাৰ অৰ্থে Rescue home অৰ্থাৎ মুক্তিঘৰ ইত্যাদি আশ্ৰম পাতি শ্ৰী জাতিৰ নৈতিক উন্নতি সাধন কৰিব ধৰিছে আৰু সেইসকলক শিল্প কাৰ্য্য আদি শিক্ষা দিব লাগিছে। আমি অসমীয়াই অলপ ঘুণলগা পালেই বিধবাবিলাকক হয় গুৱাহাটীৰ কুমাৰগাঁৱলৈ (?) পঠাও, নহয় জাহাজৰ খালাছি, বাগিছাৰ চাহাব বা আন ইতৰলোকক গ্ৰহণ কৰি- বলৈ খেদাই দিওঁ, এনে অভিশাপগ্ৰস্থ দেশৰ কি উন্নতি হবৰ আশা আছে? তথাপি আমি কওঁ আমাৰ জাত আছে। নিজে উন্নতি কৰিব নোৱাৰা এলেহুৱা মানুহ বা জাতিয়ে পৰৰ উন্নতি সহিব নোৱাৰি, পৰৰ শ্ৰী কাতৰ হোৱা স্বভাৱসিদ্ধ—আমাৰ অসমীয়াৰ গাত এনে মাৰাত্মক দোষে লম্ভি পৰক একো কৰিব নোৱাৰি নিজ জাতিৰ অনিষ্ট সাধন কৰিছে! যেনেকৈ খঙে আনৰ অনিষ্টসাধন কৰিব নোৱাৰিলে নিজৰ অনিষ্ট সাধন কৰেই কৰে। অসমীয়াৰ এলেহুৱা স্বভাৱ কৰ্ম্মক্ষেত্ৰত উলিয়াই তাত, আমাৰ জাতিক লগাব নোৱাৰিলে, পৰশ্ৰীকাতৰতা, হিংসা, দ্বেষ আদি কুগুণবিলাক কেতি- য়াও নুগুছে। মুঠতে কবলৈ গলে আমাৰ অসমীয়া মানুহ বৰ ভয়াতুৰ। যি জাতি বৰ ভয়াতুৰ, সেইজাতিয়ে কেতিয়াও সঁচাক ধৰিব নোৱাৰে আৰু দেশ, সমাজ আদিৰ কেতিয়াও কুসংস্কাৰ গুচাবলৈ সাহ কৰিব নোৱাৰে। অসমীয়া এনে সাহ-পিত নথকা জাতি হোৱাৰ মূল কাৰণ টলকি চালে দেখা যায় যে, সেই দোষ আমাৰ নিজৰ গাতহে। কেচুৱাৰপৰা লৰা-ছোৱালীক পোনতে ভুতৰ ভয় দেখাই সাহসৰ গজালি নষ্ট কৰা হয়, তাৰ পিছত মাক-বাপেকৰ আৰ্হিয়ে সাহস আহি ভিতৰ সোমাব খুজিলেও খেদাই দিয়ে, ইয়াৰ পিছত বামুণ গোসাঁইসকলে কথাই কথাৰ জাত যোৱাৰ ভয়