বঙ্গমহিলাক তেখেতে অনেক বছৰৰপৰা ঘৰতে ৰাখি তলে তলে
লিখা-পঢ়া শিকি আছিল। সেই মহিলাজনাকে এতিয়া তেখেতে
ছোৱালী স্কুলৰ হেড মাষ্টৰণী পাতি দিছে। গোসাঁই ঈশ্বৰে যিটি
সংস্কৃতৰ টোল নিজ সত্ৰত পাতিছে তাত কামৰূপৰ সদাশিৱ ভট্টাচাৰ্য্য
নামে এজন বেদান্ত চূড়ামণি উপাধি পোৱা বুঢ়া অধ্যাপকক ৰাখিছে।
এই বুঢ়া অধ্যাপকজনাই গোসাঁই-গোসানী দুয়োকো একেলগে
পোনতে সংস্কৃত ব্যাকৰণ শিকাই সংস্কৃত শিক্ষা দিছে। গোসাঁই
ঈশ্বৰেও সেই বঙ্গ মহিলাজনাৰ স্বামী নগেন্দ্ৰচন্দ্ৰ চাটুৰ্জ্জি এম, এ’ক
ৰাখি অনেক দিনৰপৰা ইংৰাজী শিকি ইংৰাজী বিদ্যাত ইমানে পাৰ্গত
হৈছে বুলি কোনেও নাজানে। গোসানীয়ে মানুহৰ আগত কেতিয়াও ওৰণি নলয়, মুখ উলিয়াই বাহিৰ হয়। আৰু নজনা নিচিনা
মানুহৰ ফালে নাচায়ও এনেকি তেওঁৰে সৈতে কথাকো নাপাতে।
তেখেতে ছোৱালীবিলাককো মানুহৰ আগত মুখ উলিয়াই ফুৰিবলৈ
উপদেশ দিয়ে আৰু কয় যে কোনো মানুহকে ছোৱালীবিলাকে যেন ভয়
নকৰে। যি মানুহে ছোৱালীবিলাকৰ মুখলৈ পাপ চকুৰে চায় তাৰ
চকু দুটা ছোৱালীবিলাকে ভৰিৰে গছকি বাহিৰ কৰা উচিত। ছোৱালী
বিলাকে পঢ়াশুনা শেষ কৰি পেলোৱাৰ পিচত কোনো কোনো দিন
সৰল অসমীয়া কথাৰে উদাহৰণ দি গীতা বাখ্যা কৰি শুনায়। ভাগৱতৰ ৰাসলীলা, বৃন্দাবন-বিহাৰ আৰু হৰমোহন আদি কথাবিলাক
শিশুমতি লৰা-ছোৱালীলৈ পঢ়িবৰ যোগ্য নহয় বুলি বাদ দিয়ে। এই
কাৰণে কীৰ্ত্তনখন লৰা-ছোৱালীক কেতিয়াও পঢ়িবলৈ নিদিয়ে।
ঘোষাখনি হলে গোসানীয়ে লৰা-ছোৱালীক পঢ়িবলৈকো দিয়ে আৰু
বাখ্যা কৰিও শুনায়। নল-দময়ন্তী, শ্ৰীবৎস-চিন্তা আৰু সাবিত্ৰী-সত্যবানৰ উপাখ্যান আৰু ধ্ৰুবৰচৰিত আদি পুথিবিলাক সুন্দৰকৈ ছপাই
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৪৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
কঃ পন্থাঃ