সমললৈ যাওক

পৃষ্ঠা:কঃ পন্থাঃ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
কঃ পন্থাঃ


ৰাখিছে। এই পুথিবিলাক সত্ৰত লৰাছোৱালীৰ হাতে হাতে দেখিবা, ইয়াৰ বাহিৰেও বুদ্ধ, খৃষ্ট, মহম্মদ আদি মহাপুৰুষসকলৰ, শ্ৰীশঙ্কৰদেৱ, চৈতন্যদেৱ, ৰামানন্দ, তুলসীদাস, নানক, কবীৰ আদি সাধু- ভক্তসকলৰ জীৱন-চৰিত্ৰবিলাক ইমান সৰহকৈ চপাই আনি ৰাখিছে যে সত্ৰলৈ যেয়ে আহি খোজে তাকে একো একোখন অলপ ধনতে দিয়ে। গোসাঁইৰ সত্ৰলৈ ইংৰাজী, বঙলা, অসমীয়া, হিন্দি আৰু সংস্কৃত নানা তৰহৰ বাতৰি কাকত আহে, যাৰ যি ইচ্ছা লাইব্ৰেৰিলৈ গৈ পঢ়ি থাকিব পাৰে। এইবিলাক কাম গোসানীৰ তত্ত্বাবধানতে থাকে। গোসাঁনীজনা এনে দয়াৱতী যে তেখেতে কোনো আলহী আহিলে এনে শুশ্ৰূষা কৰে যে আলহীজনে জীৱনত গোসানীক কোনোমতে পাহৰিব নোৱাৰে। গোসানীজনাই সকলকে দি থৈ যেতিয়া নিজে খাবৰ সময় হয়, তেতিয়া যদি কোনো মানুহ নোখোৱাকৈ উপস্থিত হয়হি, নিজলৈ খাবৰ ৰখাখিনিকে তেওঁক দি হয় নিজে পিচে ৰান্ধি অন্নগ্ৰহণ কৰে নহয় সেইবেলা জলপান খায়ে থাকে। ঘৰৰ চাকৰ চাকৰণীৰ প্ৰতি গোসানী বৰ মৰমিয়াল। সিহঁতৰ যি খাবৰ ইচ্ছা তাকে বামুণৰ হতুৱাই ৰন্ধাই খুৱায় আৰু সিহঁতৰ লৰা-ছোৱালী বিলাকক নিজৰ লৰা-ছোবালীৰ দৰে ব্যৱহাৰ কৰে। গোসাঁই আৰু গোসানী দুয়ো নিৰামিষ আহাৰী। এই কাৰণে গোসাঁনীয়ে বা গোসাঁনীৰ বিধবা বুঢ়ী খুড়ীয়েকে অন্ন পাক কৰা ভিন্ন আন কাৰো হাতে খাবলৈ তেওঁ শঙ্কা কৰে। গোসাঁইজনাই সকলো দেশৰ সকলো জাতিৰ যিমান ধৰ্মশাস্ত্ৰ আছে মানে তাৰ এখনো নপঢ়াকৈ থকা নাই। বেদ, বাইবেল, কোৰাণ, বুদ্ধশাস্ত্ৰ, কোনো শাস্ত্ৰকে পঢ়িবলৈ তেখেতৰ বাকী নাই। তেখেতে হিন্দুৰ ছয় দৰ্শন ভালদৰে পঢ়ি জ্ঞান লাভ কৰিছে। সাংখ্য দৰ্শন মতে ‘ঈশ্বৰাসিদ্ধে’ এই কথাটি তেখেতৰ মনত