পৃষ্ঠা:কঃ পন্থাঃ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
কঃ পন্থাঃ


প্ৰভুৰ বহুত গৰু আছে, গৰুবিলাকৰ সুচাৰুৰূপে যত্ন নিয়াৰ কাৰণে, সেইবিলাক এনে হৃষ্ট-পুষ্ট যে দেখিলেই মন মোহ যায়। দিনৌ ৪। ৫ মোণ গাখীৰ হয়, তাৰ সৰহ ভাগ সত্ৰৰ কাষত থকা দুখীয়া মানুহৰ কেচুৱাসন্তানবিলাকক খাবলৈ বিলাই দিয়া হয়। কৃষিতে এইজনা গোসাঁই প্ৰভুৱে বছৰি বছৰি বহু টকা লাভ কৰে। সত্ৰত এটি কবিৰাজ আৰু এটি ডাক্তৰ ৰখা হৈছে। এই দুজনে মানুহৰ ৰোগ চিকিৎসা বিনামূল্যে কৰি থাকে। ইয়াত তিনিখন স্কুল আছে, এখনি সংস্কৃত, আৰু এখনি ইংৰাজী হাইস্কুল আৰু এখনি ছোৱালী স্কুল। তাত অনেক ছাত্ৰ-ছাত্ৰীয়ে পঢ়ে। গোসাঁই প্ৰভুৰ বয়স এই পৰ্য্যন্ত ষাঠিৰ তলতে আছে। গোসানীৰ বয়সে প্ৰায় তিমানেই। সকলোৰে বিশ্বাস এইজনা গোসানীৰ পাৱৰ ধূলি মূৰত ললে মুক্তি হয়। এখেত এনে শিক্ষিতা স্ত্ৰী যে, যেয়ে তেখেতেৰে সৈতে এদিন কথা পাতিছে তেওঁ ভক্তিত নপমাকৈ থাকিব নোৱাৰে। এইজনা ভক্তি-যোগ্যা গোসানীয়ে সত্ৰৰ ভিতৰতে ছোৱালীৰ কাৰণে এখনি হাইস্কুল পাতিছে। এই স্কুলৰ কাৰণে কেবাজনাও শিক্ষিত মহিলা ৰাখি ছোৱালীবিলাকক যদিও শিক্ষা দিয়াইছে তথাপি নিজে সদায় এই ওখ পঢ়াশালীখনিত উপস্থিত থাকি ছোৱালীবিলাকক নানা তৰহৰ শিক্ষা অতি যত্নেৰে দি থাকে। এই স্কুলখনিত তাঁত-বোৱা, সূতা-কটা, সিলাই-কৰা, ছবি-আঁকা, মাটিৰ পুতলা-গঢ়া, ৰান্ধোন- বাঢ়োন শিকোৱা আৰু গাৰ বল বঢ়াবলৈ, শৰীৰ সুস্থ ৰাখিবলৈ সকলো বিদ্যাকে ছোৱালীবিলাকক শিক্ষা দিয়া হয়। ইয়াৰ বাহিৰেও ধাত্ৰী-বিদ্যা সিহঁতক শিক্ষা দিয়া হয়। ভক্তিভাজনা এই গোসানী জনা সংস্কৃত আৰু ইংৰাজী দুটি ভাষাতে বৰ পাৰ্গতা। কোনেও নাজানে যে তেখেত ইমান বিদুষী কেনেকৈ হল। এজনা সুশিক্ষিতা