বচনান্তক মাত্ৰ প্ৰভেদ এই। কলিতা আসামৰ শিৰফুটা খিলঞ্জীয়া
জাতি; কায়স্থ আসামৰ আধুনিক। শঙ্কৰদেৱ আৰু মাধৱদেৱ আদি
ভক্ত মহাপুৰুষ সকলেও কলিতাবিলাকক কায়স্থেৰে সৈতে বিভিন্ন
দেখা প্ৰমাণ পোৱা নাযায়, কিয়নো অনেক মহাপুৰুষীয়া সত্ৰৰ গুৰু
আজিলৈকে কলিতাৰ ভিতৰৰ অনেক আছে, তেখেতসকলেও কায়স্থ
সকলৰ দৰে উত্তৰী পিন্ধি উপণীত হয়। আমাৰ কায়স্থে উত্তৰী
লোৱা প্ৰথা পশ্চিমৰ বা হিন্দুস্থানৰ কায়স্থৰ দৰে অনেক দিনৰ পৰা
চলতি আছে। বঙ্গদেশৰ কায়স্থে উত্তৰী এতিয়াহে লব ধৰিছে।
এতিয়া কথা হৈছে বঙ্গদেশৰ কায়স্থৰ নৈষ্ঠিকতা ভাবখিনি আমাৰ
দেশত লাহে লাহে সোমাই একে কায়স্থ হলেও আধুনিক কায়স্থে
পুৰণি কায়স্থ কলিতাক নিজতকৈ হীন যেন দেখিব ধৰিছে। বামুণৰ দৰে কায়স্থেও হাল নাবায়, ভাৰ নবয় অৰ্থাৎ কায়স্থে শাৰীৰিক
পৰিশ্ৰমৰ কাম কৰিবলৈ লজ্জা বোধ কৰে, কলিতাই তেনে নকৰে।
কলিতাই সকলো প্ৰকাৰৰ শাৰীৰিক পৰিশ্ৰমৰ কাৰ্য্য কৰে। এতেকে
কলিতা জাতি যুগধৰ্ম অনুসৰি বৰ্তমানৰ উন্নতি বাটত সোনকালে
আগবাঢ়িব যে তাৰ সংশয় নাই। এতিয়া আৰু ভাল-মানুহ
বোলাই পৰৰ ওপৰত খোৱা আগৰ দিন নাই। পৃথিবীত সদৌ
জাতিৰ ভিতৰত নতুন দিনৰ শুভাগমন হবলৈ আয়োজন হব ধৰিছে—
সময়ত মানৱ জাতিৰ ভিতৰত ডাঙৰ সৰু কোনো নাথাকিব, সকলো
সমান হব, এই কথা সময়ে আমাক কাণে কাণে কৈছে। এতেকে
আসামবাসীসকলে বঙ্গদেশৰ বাবুৱানী নিশিকি আগৰ দৰে অসমীয়া
জাতি খেতিয়ক হৈ নানা বিধৰ কৃষি-বাণিজ্যাদি কামৰ দ্বাৰাই নিজৰ
অৱস্থাকো ভাল কৰিবলৈ প্ৰাণপণে চেষ্টা কৰা জীৱনৰ ভিতৰৰ ঘাই
কাম হৈ পৰিছে। আমাৰ দেশতে বিদেশী মাৰোৱাৰী, পশ্চিমা,
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
কঃ পন্থাঃ