পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
কঃ পন্থাঃ


কেনেকৈ থাকিব পাৰিলেহেঁতেন? চুকাফা ৰজা সৌমাৰ-খণ্ডলৈ খৃষ্টাব্দ ১২১৯ শকত আহোতে আসামত তেতিয়া বামুণ কলিতা আছিল। কলিতাবিলাক যে আসামৰ আদি আৰ্য্য-সন্তান তাৰ ভুল নাই। অসমীয়া ভাষাত বৈদিক সংস্কৃত মূলক অনেক শব্দ পোৱা যায়, সেই বিলাক শব্দ বঙ্গভাষাত পোৱা নাযায়। যেনে খঙতে উৰ্য্যম বহন্তি হৈ উঠিল, উদ্ভণ্ডলি কৰিছে, বাঢ়ম শব্দৰ পৰা বাৰু, কথমপিহে ৰক্ষা পৰিছে ইত্যাদি। কলিতা শব্দটিৰ উৎপত্তি ক’ৰ পৰা হল অনেকে ভুল কৰিছে। কোনোৱে কয় কূল লুপ্তাৰ পৰা কলিতা হৈছে। এই শেহৰ কথাটি আমাৰ কলিতা জাতিৰ উৎপত্তি সম্বন্ধে বৰ অপমানজনক কিয়নো কূললুপ্তা মানে কূল নোহোৱা বা গোপন কূলক বুজায়। আচলতে সংস্কৃতৰ মূল শব্দেৰে সৈতে মিলাই চাই দ’কৈ গমি দেখিলে সেই দুটি শব্দ বৰ ভ্ৰমজনক। যি কলিতা জাতি একালত ক্ষত্ৰিয় আছিল তাৰ প্ৰমাণ পূৰ্ব্বে আসামত কলিতা ৰজা থকাৰ কথা এতিয়ালৈকে প্ৰৱাদ আছে। এতেকে জনা যায় ভাৰতৰ আন আন প্ৰদেশৰ কায়স্থ যাক বোলে, আসমত তাকেই কলিতা বোলে। দুয়োবিধ মানুহ হয় ভঙা ক্ষত্ৰিয়, নহয় পৰশুৰামৰ ভয়ত বামুণৰ ওচৰত আশ্ৰয় লোৱা সময়ত বামুণৰ ঔৰসত ক্ষত্ৰিয়নী বিধৱাৰ গৰ্ভজাত সন্তান। আৰু এই কথাও অনুমানৰ দ্বাৰা অমান্তি হব নোৱাৰি যে বামুণ ক্ষত্ৰিয়ৰ ঔৰষত অনাৰ্য্যনীৰ গৰ্ভজাত সন্তান। মূল শব্দ মিলাই দেখিলেও কায়স্থ কলিতা একেই যে তাৰ ভুল নোহোৱা যেন দেখি। কায়স্থ শব্দৰ মানে গাতে থকা কায়েস্থিতিৰ্যস্য সঃ কায়স্থ— কায়লিপ্তাঃ—কায়ে লিপ্তাৰ্যেষাংতে কায়লিপ্তাঃ। কায়স্থ শব্দটি সংস্কৃ তৰ এক বচনান্তক, কায়লিপ্তাঃ বা কলিতা শব্দটি সংস্কৃতৰ বহু