পৃষ্ঠা:কঃ পন্থাঃ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
কঃ পন্থাঃ


আৰু আন আন ঠাইৰ মানুহ আহি ধনী হৈছেহি অথচ কি দুখৰ বিষয় আমাৰ অসমীয়া মানুহ দিনে দিনে ক্ৰমাৎ দুখীয়া হৈ যাব ধৰিছে!

 আমাৰ দেশত বৰ্ত্তমানে দেখা যায় অনেক দেশৰ অনেক মানুহৰ বেয়া আচাৰ-ব্যৱহাৰ আৰু বেয়া নিয়মখিনিহে সোমাইছে, সেইবিলাকৰ ভালখিনি সোমোৱাহি নাই; কিয়নো অসমীয়া মানুহে নিজ দেশৰ ভালখিনিক ভালদৰে টলকি নাচাই তাৰ সলনি পৰৰ বেয়াখিনি গ্ৰহণ কৰিছে আৰু লাহে লাহে কৰি আহিব ধৰিছে। বঙ্গদেশৰ হিন্দুৱে ৮৷ ৯ বছৰ বয়সীয়া সৰু ছোৱালী বিয়া দিয়ে। আমাৰ দেশৰ হিন্দুৱে বামুণ আৰু কায়স্থক এৰি আমাৰ ছোৱালীৰ যৌৱন বিয়াৰ প্ৰথাই বৰ্ত্তমান যুগধৰ্ম্ম মতে স্ত্ৰীশিক্ষা দিয়াৰ আৰু এই লাগতিয়াল শিক্ষাৰ বিস্তাৰ কৰা সম্পৰ্কে পৃথিবীৰ আন আন সভ্যজাতিৰ দৰে অতিকৈ সহায় কৰে আৰু বিধবাবিবাহৰ প্ৰথা আমাৰ কলিতাজাতিৰ ভিতৰত প্ৰচলিত আছে কিন্তু আজিকালি আমাৰ দেশত বঙালী হিন্দুধৰ্ম্ম সোমাই আমাৰ কলিতাখিনিকো বামুণ কায়স্থৰ দুৰ্ব্বল ৰীতি আৰু আচৰণ আদি শিক্ষা দিব ধৰিছে। ছোৱালী বিয়া দিয়া সম্পৰ্কে হিন্দুশাস্ত্ৰ মতে কলিতাসকলেহে চলিছে, আমাৰ বামুণকায়স্থে চলা নাই। এতেকে বামুণকায়স্থে বঙ্গদেশৰ ৰঘুনন্দন ভট্টাচাৰ্য্যৰ মত ধৰি বেদাচাৰ এৰি পেলাই স্ত্ৰীশিক্ষা উন্নতি সম্পৰ্কে বাটত ডাঙৰকৈ হেঙাৰ বান্ধিছে। এইহেতুকে মই বামুণ কায়স্থসকলক কৰযোৰে প্ৰাৰ্থনা কৈ কওঁ, তেখেতসকলে বঙ্গদেশৰ মতত নচলি আগৰ হিন্দুশাস্ত্ৰৰ মত ধৰি মানৱধৰ্ম্ম নষ্ট কৰা আধুনিক দেশাচাৰখিনি এৰি দিয়াৰ ব্যৱস্থা কৰক। আমাৰ কামৰূপৰ বামুণসকলৰ ভিতৰত অনেক ভাল- দৰে সংস্কৃত জনা শাস্ত্ৰজ্ঞ পণ্ডিত আছে, তেখেতসকলে জানিব পাৰিছে