পৃষ্ঠা:কঃ পন্থাঃ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
কঃ পন্থাঃ


কোন কুলক ওখ জাতলৈ নিব কওকচোন? আপোনাসকলে নিজকে নিজে আপোনাসকলৰ জাত নীচেই তল খাপত আছে বুলি যে সদায় দুখ বেজাৰতে হুমুনিয়াহ কাঢ়ি থাকে তেনেহলে সমুদায় জাতৰ মানুহ মুঠ বান্ধি একে জাতৰ হৈ নপৰে কিয়? এই কাৰণ হে ৰাইজ সকল! মোক সঁচা কোৱাত ক্ষমা কৰিব, আপোনাসকলে তলৰ পৰা ওপৰলৈ উঠিবলৈ যদি চেষ্টা আৰু ইচ্ছা কৰে তেনেহলে আপোনা সকলৰ জাত তল খাপলৈ যাবলৈ একো জাত নাই, এই হেতুকে সকলোৱে এক জাতীয়া হৈ ওপৰ জাতলৈ উধাবলৈ চেষ্টা কৰক তেনে- হলে কি সাধ্য গোসাঁই বামুণসকলে আপোনাসকলক ঘিণ কৰিব পাৰে আৰু সজ জাতলৈ তুলি আপোনাসকলেৰে সৈতে ব্যৱহাৰ নকৰাকৈ থাকিব পাৰে? বৰঞ্চ দেখা যায় আপোনাসকলৰ ভিত- ৰত জাতিভেদ নাথাকিলে গোসাঁই বামুণসকলে আপোনাসকলক কলিতা কোছৰ দৰে তেখেতসকলৰ ব্যৱহাৰত চলাবলৈ ইচ্ছুক আছে। এতিয়া কথা হৈছে এই যে যদি গোসাঁই বামুণে নদীয়াল বা বৃত্তিয়ালক কলিতাৰ জাতলৈ নিয়ে, তেতিয়া হলে আপোনাসকলৰ প্ৰত্যেক জাতেই গোসাঁই বামুণক জাতৰ পৰা নমাই নদীয়াল আৰু বৃত্তি- য়ালৰ জাতত থবগৈ সেইদৰে আপোনাসকলৰ ভিতৰৰ যেই জাত। মানুহকেই গোসাঁই বামুণে ওপৰলৈ তুলি, কলিতা, কেওট আৰু কোছৰ শাৰীত ব্যৱহাৰ কৰিব ধৰিব ততালিকে সদৌ জাতৰ মানুহে গোসাঁই বামুণক গৰিহণা যে দিব এনে নহয়, একেবাৰে সেই সেই জাতৰ মানুহৰ তলখাপৰ জাতত ৰাখি তেখেতসকলক এৰি পলাব। তাৰ প্ৰমাণ জাতিভেদলৈ আপোনাসকলৰ ৰাইজে আগতে যে তৰ্ক বিতৰ্ক কৰিছে, তাতকৈ দেখাবলৈ একো নাই। এতেকে হে ৰাইজ সকল! জাতিভেদ যি স্থলত আপোনাসকলৰ কোনেও এৰিব