পৃষ্ঠা:কঃ পন্থাঃ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
কঃ পন্থাঃ


বিশেষকৈ আসাম দেশৰ বাহিৰে পৃথিৱীৰ কোনো দেশত নাই। এতেকে হে ৰাইজসকল! আমাৰ অসমীয়া মানুহ ধৰ্ম্মৰ পিনে, নীতিৰ পিনে, স্বভাৱৰ পিনে আৰু দয়া-মৰমৰ পিনে আন দেশৰ মানুহতকৈ কিমান তলত পৰি আছে চাওকচোন। যেই দেশৰ যেই মানুহৰে মছলমান ধৰমী বা খৃষ্টীয়ান ধৰমী মানুহক সেই সেই ধৰমী মানুহে, মৰা শুনা মাত্ৰ কেতিয়াও তাৰ সদগতি নকৰাকৈ নাথাকে। আমাৰ সকলো জাতিৰ হিন্দু ধৰমী মানুহক হিন্দুসকলে তেনে কৰে ক’তা? বাৰু! নদীয়াল, বৃত্তিয়াল, যুগী, সুতকুলীয়া, নমোশূদ্ৰ, আহোম, ছুটিয়া, আৰু কছাৰী আদি জাতৰ ৰাইজকলে যে, বামুণে তেখেতসকলক কলিতা, কায়স্থ আদি জাতৰ দৰে সজ কুললৈ উদ্ধাৰ কৰি তাৰ শ্ৰেণীভুক্ত নকৰে বুলি গোঁসাই, বামুণ সকলৰ গাত দোষ দিছে, এই দোষ কাৰ? আপোনাসকলৰ নহয়নে? আপোনাসকলে ভাবি চাওক, আপোনাসকলে নিজকে নিজে নীহ কুলীয়া যেন ভাবি নিজৰ আত্ম-সম্মান নষ্ট কৰিছে আৰু আপোনাসকলৰ মাজতহে জাতিভেদৰ কটকটিয়া বান্ধ্‌! উদাহৰণ স্বৰূপ দেখা যি আপোনাসকলৰ যুগী, আহোম, ছুটিয়া, কচাৰি, নদী- যাল, বৃত্তিয়াল আৰু নমোশূদ্ৰ আদি জাতৰ ৰাইজসকলে, যিসকলে তেখেতসকলক গোসাঁই বামুণে সদায় নীহ জাতত পেলাই ৰাখিছে বুলি গোসাঁই বামুণক দোষ দি থাকে, জাতি ভেদৰ বান্ধ বৰ কট্‌- কটিয়া বান্ধেৰে ৰাখিছে, তেখেতসকলে, যদি জাতৰ গোটেই তলৰ খাপত আছেই, তেনেহলে তেখেতসকলৰ জাত যাবলৈ আৰু তলৰ খাপ কি আছে কওকচোঁন? যি স্থলত গোসাঁই বামুণে তিওৱা কোমল চাউল আদি বস্তুখিনি ইকুলীয়া সিকুলীয়াই পৰস্পৰে ছোৱ গোজা কৰাত ইকুল সিকুলৰ জাত যায় তেনেহলে গোসাঁই বামুণে