নোৱাৰে ই ধৰা বন্ধা কথা, তেন্তে মই গণি পিটিকি এই কথা
অপোনাসকলক গোহাৰি কৰি কওঁ যে আপোনাসকলে নিজক হীন
কুলীয়া বা নীচেই তলখাপত পৰি থকা মানুহ বুলি নিজে নিজে
ভবা কথাটিয়েই হৈছে আত্মহত্যা কৰাৰ তুল্য আপোনাসকলৰ মহা-
পাপ। সকলোৱেই নিজ জাতত ডাঙৰ, কোনো সৰু নহয়, কোনো
বৰ নহয়—সকলোৱেই মানৱ জাতিৰ ভিতৰৰ। মানুহক জ্ঞানেই
ডাঙৰ কৰে, অজ্ঞানেই সৰু কৰে। জ্ঞানী-অজ্ঞানী, ধনী-দৰিদ্ৰ
মানুহ পৃথিবীত সকলো জাতিৰ ভিতৰতে আছে কিন্তু আমাৰ দৰে
ইকুলে সিকুল ছোৱা-গোজা কৰাত ঘিণ কৰা জাতিভেদ পৃথিবী
কোনো জাতিৰ ভিতৰতে নাই; সেই গুণে পৃথিবীৰ সভ্য জগতৰ
মানুহবিলাক আমাৰ দৰে গোলামতকৈ গোলাম নহৈ নিজে প্ৰতাপী
হৈ নিজ নিজ দেশত স্বাধীন হৈ আছে। কাৰো সৈতে যে কাৰো
মিল নাই আমাৰ আচল জাতিভেদেই তাৰ মূল কাৰণ। এই মহা-
পাপৰ হেতু যদি মনি চোৱা যায় তেনেহলে অজ্ঞানতাতকৈ আন
একো নাই। এতেকে হে ৰাইজসকল! আমি সকলোৱে মিলি
কেনেকৈ বৰ্তমান যুগ-ধৰ্ম্ম অনুসৰি জ্ঞান আৰ্জি উন্নতি লাভ কৰিব
পাৰোঁ তাৰেহে চেষ্টা কৰোহঁক আহা!
মানুহ বোলোতে একেটা জাত। এতিয়া ভাবি চাওক আমাৰ দেশখন জুৰি আমি যে আছোঁ আমি মানুহ নে আন কিবা জন্তুহে! মানুহৰ দেহত ঘাইকৈ চাৰি বিধ ৰস আছে— দয়া, ক্ষমা, প্ৰেম আৰু ভক্তি। এই চাৰিবিধ ৰস যাৰ গাত থাকে সেয়ে মানুহ আৰু সেয়ে দেৱতা! হৃদয় ৰাজ্যৰ সিংহাসনখনিত ঘৃণা, হিংসা, বিদ্বেষ, অহঙ্কাৰ এইবিলাকেৰে সৈতে প্ৰেম-প্ৰীতি ভক্তি এইবিলাকক একেলগে বহুৱাব নোৱাৰি কাৰণ এটি অইনটিৰ বিপৰীত ভাবৰ।