অনৰ্থক দীঘলীয়া হ'লেও মই মোৰ উজানবজাৰৰ ঘৰটো উলিয়াব পাৰিম। নাইবা
গৌৰী সদনৰ কাষেৰে যোৱা ঠেক ৰাস্তাটোৰে পোনাম।
ছোৱালী কলেজখনৰ সন্মুখডোখৰ পাওঁতে মোৰ প্ৰায় একে সময়তে দুটা উপলব্ধি হ’ল। প্ৰথম, মোৰ ছিগাৰেটটো লৰালৰিতে ক'ৰবাত পৰিল। দ্বিতীয়, কোনোবাই, হয়তো সেই মানুহজনেই মোৰ পিছ লৈছে।
মানুহজনৰ সৈতে ব্যৱধানটো বঢ়াবলৈ লওঁতেই মই এটা উজুটি খালো। সেইবুলি মই কিন্তু পৰি নগ'লো। নিজকে চম্ভালি ল’বলৈ চেষ্টা কৰোঁতে মোৰ বৰং এটা লাভেই হ’ল। মই পিছফালে চোৱাৰ এটা ভদ্ৰজনোচিত সুযোগ পালো আৰু নিশ্চিত হৈ ল'লো যে মোৰ অনুসৰণকাৰীজন সেইজনেই।
কলেজ খোলা থকা সময়ছোৱাত ছোৱালী কলেজৰ সন্মুখত এজন তেত্ৰিছ বছৰ বয়সৰ ডেকা মানুহে উজুটি খোৱাৰ অন্য অৰ্থ হয়। পঁচিছ-ত্ৰিছজনী ছোৱালীৰ খিলখিল হাঁহিৰ শব্দৰ মাজত নিজকে চম্ভালোঁতে এক ভয়ংকৰ অভিজ্ঞতা হয়। এই মুহূৰ্তত সময় আৰু পৰিস্থিতিটো অলপ সুকীয়া। সদ্যহতে মই সেউজীয়া চোলা পিন্ধা এজন অনুসৰণকাৰীৰ পৰা পলাবলৈ যত্ন কৰিছোঁ ।
বেংকত, দুই আৰু আঢ়ৈ বজাৰ মাজৰ সময়ছোৱাত, আমি যেতিয়া কেণ্টিনত চাহ খাবলৈ গৈছিলো, তেতিয়াই হেনো সেউজীয়া চোলা পিন্ধ৷ মানুহ এজনে মোক বিচাৰি মোৰ টেবুলৰ ওচৰলৈ আহিছিল। মই শৰ্মাক সুধিছিলো,—“মানুহজন আচলতে ঠিক কেনেকুৱা?” শৰ্মাই ক’লে,—“মই ঠিক বুজাব নোৱাৰিম।”
মই পুনৰ সুধিলো,—“তেওঁৰ মাতটো বাৰু অলপ ৰুক্ষ, শুকান ধৰণৰনে কি? কথা কওঁতে মানুহজনৰ মাতটো বাৰু ক'ৰবাত লাগি ধৰেনে কি? তেওঁ যে মোৰ বিষয়ে সুধিছিল, প্ৰকৃততে কি বুলি সুধিছিল? মানে চব মিলাই আপোনাৰ কি অনুমান হৈছিল, তেওঁ মোৰ চিনাকি নে অচিনাকি?”
শৰ্মাই কাতৰভাৱে ক’লে,— “মই ঠিক বুজাব নোৱাৰিম বৰুৱা। আচলতে কথাটোত গুৰুত্ব দিবলগীয়া একোৱেই নাছিল। তেওঁ এটা সেউজীয়া চোলা পিন্ধিছিল। তাৰ বাহিৰে তেওঁৰ মাত, তেওঁৰ কথা কোৱাৰ পদ্ধতি—ওহোঁ বৰুৱা, মোৰ একো মনত নাই। বোধকৰোঁ মানুহজনৰ মন কৰিবলগীয়া একোৱেই নাছিল।”
হয়। কিছুমান মানুহৰ একো মন কৰিবলগীয়া নাথাকে। কোনো বিশেষত্ব নাথাকে। তেনেই সাধাৰণ উচ্চতা, ভাবলেশহীন মুখমণ্ডল। বৰ অসুবিধা এনেকুৱা মানুহক লৈ। এনে বৈশিষ্ট্যহীন, সাধাৰণ মানুহৰ অনুসন্ধান কৰোঁতে স্কটলেণ্ড য়াৰ্ডে কি কৌশল প্ৰয়োগ কৰে সেয়া যেন এক সীমাহীন কৌতূহলৰ বিষয়!
কালি গধূলি মই বজাৰলৈ যাওঁতে দুবাৰ আৰু আজি পুৱা আঠ বজাত মই গা ধুবলৈ