পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অক্টোপাছ/৬৯
 


 আজি প্ৰথমটো ছিগাৰেট মোৰ প্ৰাক্তন গৃহশিক্ষক চৌধুৰী ছাৰক দেখি হাতৰপৰা পেলাই দিলো। তাৰ পাছত নেহৰু পাৰ্কত গধূলিৰ সময়কণ কটাবলৈ অহা কেইহালমান ঘনিষ্ঠ ডেকা -গাভৰু আৰু বেচিজিল কেইটামান শিশুৰ সৰু-সুৰা এটা ভিৰৰ মাজেৰে অলসভাৱে দ্বিতীয়টো ছিগাৰেটৰ ধোঁৱা এৰি-এৰি জজফিল্ডৰ চুকটো পাইছোঁহি, এনেতে চিপাহী এজনে বাধা দি ক'লে,— এইফালে আজি যাব নোৱাৰিব।

 চৌপাশে চিপাহী-চন্তৰী; ছাৰ্চলাইটৰ উদ্ভাসিত পোহৰ। কোনোবা এজন ডাঙৰ মন্ত্ৰী নিশ্চয় ভাষণ দিবলৈ আহিব। অৱশ্যে সেই সম্পৰ্কে মোৰ কোনো কৌতূহলো নাই। মোৰ যে শ্বৰ্টকাটটো বন্ধ হ’ল,—সেইটোহে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ কথা।

 এতিয়া মোৰ হাতত বিকল্প দুটা। বাওঁফালে ঘূৰি, জজফিল্ডক সোঁহাতে ৰাখি মই গণেশ মন্দিৰ আৰু ব্ৰহ্মপুত্ৰ অশোক নামৰ অভিজাত হোটেলখনৰ সমুখেৰে আগবাঢ়িব পাৰোঁ, নতুবা ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ সমুখেৰে গৈ হাইক’ৰ্ট আৰু দীঘলীপুখুৰীৰ মাজৰ ৰাস্তাটো ল’ব পাৰোঁ। এই দুটাৰ ভিতৰত নিঃসন্দেহে দ্বিতীয়টোৱেই গ্ৰহণযোগ্য।

 আৰু সেইমতে কেইখোজমান আগবাঢ়ি মই যেতিয়া কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ প্ৰতিমূৰ্তিটোৰ ওচৰ পাইছোঁ আৰু বাওঁহাতে পাকটো ল’বলৈ গৈ মূৰ তুলি এবাৰ চাইছোঁ তেনেকুৱাতে হঠাৎ মোৰ এনে লাগিল যেন দীঘলীপুখুৰীৰ পাৰৰ পদপথেৰে ধীৰ খোজেৰে আহি থকা এজন মানুহে মোলৈ চাই হাঁহি এটা মাৰিছে। ষ্ট্ৰিটলাইটৰ উজ্জ্বল পোহৰত মোৰ ভাব হ’ল যেন মানুহজনৰ সেই হাঁহিটোত আছে এটা পৰিচিত ব্যৱসায়িক গোন্ধ। কিন্তু তাতোকৈ ডাঙৰ কথাটো হ’ল,— তেওঁ পাতল সেউজীয়া ৰঙৰ চোলা এটা পিন্ধি আহিছে। আৰু আজি মই কোনোপধ্যেই এজন সেউজীয়া ৰঙৰ চোলা পিন্ধা মানুহৰ মুখামুখি হ’ব নোখোজোঁ।

 এনেকুৱা পৰিস্থিতিত মোৰ কৰিবলগীয়া কামটো হ’ল সময়ৰ অপব্যয় নকৰি বিপৰীত দিশেৰে যিমান পাৰি সিমান বেগেৰে পলোৱা। কিন্তু এই বয়সত বেগাই খোজকঢ়াৰো এটা সীমা থাকে। হঠাতে অহা এজাক দোপালপিটা বৰষুণত বহুত মানুহৰ মাজত তিতি- বুৰি জুৰুলি-জুপুৰি হোৱাটো একো দোষণীয় কথা নহয়। কিন্তু সকলো শুকান, ক’তো বৰষুণৰ টোপাল এটাকে পৰা নাই, এনেকুৱা অৱস্থাত আপোনাৰ পেণ্ট আৰু চোলা তিতি থকাটো সিমান গ্ৰহণযোগ্য নহ'ব। ই মানুহৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰিবই। এখন ভদ্ৰ সমাজত আমি কিমান বেগেৰে খোজকাঢ়িম, কিমান হাঁহিম, হাঁহোতে কোৱাৰি দুটা কিমানলৈ মেলিম, — এই সমস্ত আচৰণবিধি ক'ৰবাত যেন লিখি থোৱা আছে!

 মই মানুহজনক অকণো সুযোগ নিদিয়াকৈ সাউৎকৈ ঘূৰি দিলো আৰু সম্পূৰ্ণ বিপৰীত দিশত, সন্দিকৈ ছোৱালী কলেজৰ সন্মুখৰ ৰাস্তাটোৰে যথাসম্ভৱ বেগাই খোজ দিলো। এইটো বাটেৰে গ’লেও ডিষ্ট্ৰিক্ট লাইব্ৰেৰি আৰু ৰবীন্দ্ৰ ভৱনৰ আগেৰে খোজকাঢ়ি,