বাথৰুমত সোমাওঁতে এবাৰ কোনোবা অচিনাকি মানুহৰ ফোন আহিছিল। তিনিওবাৰেই
ৰিছিভাৰ তুলিছিল মায়াই।
“মানুহজনে যে মোক বিচাৰিছিল, তেওঁৰ নামটো কি বুলি কৈছিল?”
“সেই প্ৰথমবাৰতেই কৈছিল, কিবা ৰজত নে ৰঞ্জিত দত্ত।”
“ৰজত দত্ত নে ৰঞ্জিত দত্ত?”
“তুমি কোনজনক চিনি পোৱা?”
“মই কোনো দত্তকেই চিনি নাপাওঁ।”
“তেনেহ'লে সেইবোৰ সোধা কিয়?”
“এনেয়ে, নিতান্তই কৌতূহল।”
মায়াৰ মতে, মই যে মাজে মাজে কেতিয়াবা এটা ইংৰাজী গানৰ কেছেট বজাওঁ, - এভৰিথিং আই ডু, আই ডু ইট ফৰ ইউ—(তাৰমানে ব্ৰায়ান আডামছ?)—মানুহজনৰ মাতটো ঠিক তেনেকুৱা। মোৰ ললিত বৰুৱা নামটো কওঁতে তেওঁ হেনো কেউবাৰেই খোনাইছিল।
ভয়ৰ কথাটো হ’ল এই যে মানুহজনে কালিৰপৰা আজিলৈকে তিনিবাৰ ফোন কৰিছে। দিন-কাল যেনেকুৱা হৈছে, মানুহে মানুহৰ ঘৰলৈ এনেয়ে, কেৱল ফুৰিবলৈ যাবলৈ এৰিছে। কোনো স্বাৰ্থ নোহোৱাকৈ এজন মানুহৰ সৈতে কথা পাতি সময় কটোৱাৰ অৱকাশ যেন নোহোৱা হৈ পৰিছে। আনকি টেলিফোনটো কৰোঁতে যে টকা দুটা খৰচ হ’ল তাৰ বিনিময়ত চাৰি টকাৰ জোখৰ লাভ নোহোৱা পৰ্যন্ত মনত যেন শান্তি নাই।
সেইকাৰণে কোনোবাই মোক বিচাৰি আহিছে বুলি শুনিলে মই ষড়যন্ত্ৰৰ গোন্ধ পাওঁ। দুবাৰ-তিনিবাৰকৈ ফোন কৰিছিল বুলি শুনিলে আতংকিত হৈ উঠো।
আমি, মানে মায়া আৰু মই, বহুতে ভবাৰ দৰে বহুত টকা উপাৰ্জন নকৰোঁ। বেংকত মোৰ তেনেই সাধাৰণ এটা কেৰাণী চাকৰি আৰু মায়াৰ অনিশ্চয়তাৰে ভৰা শিক্ষকতাৰ দৰমহা। উপাৰ্জনৰ মুঠ তেৰ হেজাৰ টকাৰ তিনি হাজাৰ টকা ভাৰাঘৰ আৰু প্ৰায় সাতশ টকা টেলিফোনটোৰ বাবদ খৰচ কৰাৰ পাছত প্ৰকৃততে গুৱাহাটীৰ আকাশত বৰ বেছি মুকলিকৈ উশাহ ল’ব পৰা নাযায়। নিতান্তই অপৰিহাৰ্য খবৰ কাগজ আৰু ইলেকট্ৰিছিটিৰ বিল, বাছ যাতায়াতৰ খৰচ, আৰু অগণন বিবাহ, জন্মদিন আৰু বিবাহ-বাৰ্ষিকীৰ নিমন্ত্ৰণ নিষ্ঠাৰে ৰক্ষা কৰাৰ পাছত প্ৰকৃততে নিজৰ একাউণ্টত পইচা জমা থোৱাৰ কথা চিন্তা কৰিব নোৱাৰি। তথাপি মানুহক আমাৰ প্ৰতিটো পইচাৰ হিচাপ লাগে। চান্দা দিওঁতে আমি যে হেঁহো-নেহোঁ কৰোঁ তাৰ কৈফিয়ৎ লাগে।
টেলিফোনটো চকুত পৰে; কিন্তু মই পিন্ধা গেঞ্জিবোৰ যে ফটা, মায়াই যে সেইবোৰ একো-একোদিন ঘৰৰ মজিয়া মচিবলৈ কাঢ়ি নিয়ে আৰু মই যে তেওঁক সৈমান কৰাই