পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অক্টোপাছ

 আমাৰ দৰে নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোকে দহ মিনিটৰ কাৰণে বিলাসিতা কৰা কথাটোও ঈশ্বৰ নামৰ প্ৰতিপত্তিশালী গৰাকীজনে সহ্য নকৰে। আমি কিবা হোটেল তাজ ইণ্টাৰকণ্টিনেণ্টেলত বহি সপৰিয়ালে এসাঁজ খোৱাৰ কথা চিন্তা কৰোঁনে? ‘পিটাৰ ইংলেণ্ড’ নতুবা 'ভ’ন হ’ছেন’ কোম্পানিৰ চোলা এটা পিন্ধাৰ কথা ভাবিব পাৰোঁনে? হংকং, ছিংগাপুৰ, পাট্টায়ালৈ পেকেজ টুৰৰ কথাতো বাদেই, আমাৰ গুৱাহাটীৰ বিমান বন্দৰৰ চৌহদতেই মই কাহানিও সোমাই পোৱা নাই।

 বহুত ওপৰেৰে উৰাজাহাজ উৰি যোৱা দেখোঁ। সেইবোৰত যিসকল উঠে তেওঁলোক আমাৰ কোনো নহয়; সকলো অচিনাকি। নেহৰু ষ্টেডিয়ামত লতা মংগেশকাৰৰ এটা সংগীত সন্ধিয়া উপভোগ কৰিবলৈ যিসকলে পাঁচ হাজাৰটকীয়া টিকেট কিনে তেওঁলোক আমাৰ কোনো নহয়; সকলো অচিনাকি। সেইবুলি আমি কিবা দুখ কৰি থাকোঁনে?

 বেংকৰপৰা ওলাই সচৰাচৰ মই বিপিনৰ দোকানত দুটা ফিল্টাৰ ছিগাৰেট কিনো। তাৰে এটা আথেবেথে জেপত সুমুৱাই আনটোত সুখটান মাৰোঁ। কটন কলেজৰ কেমিষ্ট্ৰি বিল্ডিংটো পাৰ হৈ বাওঁফালে ঘূৰি, মেঘদূত ভৱনৰ সমুখেৰে গৈ কাছাৰীৰ বাছষ্টেণ্ডত থিয় হ'লে প্ৰতি তিনি মিনিটত এখনকৈ উজানবজাৰলৈ যোৱা বাছ পোৱা যায়। কিন্তু বাছত উঠিলে নিজস্ব একো নাথাকে। সেয়েহে অফিছ ছুটীৰ পাছত মই কৰোঁ কি,—কটন কলেজৰ মেইন বিল্ডিংটো পাৰ হৈ, জজফিল্ডৰ মাজৰ শ্বৰ্টকাটটো ব্যৱহাৰ কৰি, হাইক'ৰ্টৰ কিনাৰেদি যোৱা ৰাস্তাটোৰে খোজকাঢ়ি যাওঁ। বেংকৰ ডেইলি একাউণ্টছ মিলাই আহোঁতে যিহেতু প্ৰায়েই পলম হয়, জজফিল্ডৰ মাজৰ আন্ধাৰ আৰু নীৰৱতাখিনি সেই সময়ছোৱাত মই বৰ পছন্দ কৰোঁ। মোৰ অলস মুহূৰ্তৰ চিন্তা আৰু অসংলগ্ন ভাবৰ কিবাকিবিবোৰ ছিগাৰেটৰ ধোঁৱাৰ সৈতে কুণ্ডলী পকাই উৰি যায়। দীঘলীপুখুৰীত প্ৰতিবিম্বিত হৈ স্নিগ্ধ জোনাকৰ এক মায়াময় কমনীয়তাই মোৰ ওঁঠ দুটাক প্ৰৰোচিত কৰে আৰু মই যেন অৱধাৰিতভাৱে গুণগুণাবলৈ আৰম্ভ কৰোঁ।

 কিন্তু জজফিল্ড জানো সদায় মোৰ নিজস্ব জজফিল্ড হৈ থাকে? গ্ৰন্থমেলা, উত্তৰ- পূৰ্বাঞ্চল বাণিজ্যমেলা মোৰ সেইকণ বিলাসিতাৰো প্ৰতিদ্বন্দ্বী হৈ উঠে। সেইকেইটা দিনৰ

বাবে মই আন এক সুখৰ সন্ধান কৰিবলগীয়াত পৰোঁ।