পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিশ্বাসৰ এদিন /৬৩
 

মই মানি লৈছোঁ, তুমি মোৰ ৰুচি আৰু পছন্দৰ খবৰ ৰাখা। কিমান দিনৰপৰা যে তোমাক ক’ম-ক’ম বুলি ভাবি আছিলো এখন নীলা চিফন শাৰীৰ কথা! আস, তোমাক কেনেকৈ ধন্যবাদ জনাম!”

 “তুমি সুখী হৈছা?” – থোকাথুকিকৈ মোৰ মাতটো ওলাইছে।

 “অঁ, খুব সুখী।”

 "নতুন শাৰীখনৰ কেইটামান ভাঁজ খুলি বুকুৰ ওপৰেদি আঁচলখন পেলাই ড্ৰেছিং আইনাখনৰ সমুখত তেওঁ এবাৰ থিয় হ’ল আৰু আবদাৰৰ সুৰত ক'লে,—“তথাপি এটা কথা তুমি কিন্তু মানিবই লাগিব,— তুমি মানুহটো অলপ অদ্ভুত ধৰণৰ। নহ’লেনো এই নতুন শাৰীৰ পেকেটটো এই লেতেৰা কাপোৰবোৰৰ মাজত থোৱানে?”


প্ৰান্তিক, ১ ছেপ্টেম্বৰ, ২০০১