পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২/ওভতনি যাত্ৰা
 


মোৰ হৃস্পন্দন বৃদ্ধি পাইছে। নীলা শাৰীখন নিৰ্মিতাৰপৰা লুকুৱাবলৈ মই নানানটা আঁচনি পাঙিছোঁ আৰু শেষপৰ্যন্ত শাৰীখন ধোবাৰ ঘৰলৈ পঠিয়াবলগীয়া মোনা এখনৰ ভিতৰত, এসোপা মলিয়ন আৰু বিপৰ্যস্ত কাপোৰৰ মাজত সন্তৰ্পণে থৈ দিছোঁ।

 যদিহে সকলো ঠিকে ঠিকে পাৰ হয়, আগতে বহুদিন নিয়াৰ দৰে অফিছলৈ যাওঁতে ধোবাৰ ওচৰলৈ বুলি মোনাখন লৈ যাম। ধোবাৰ ঘৰত সেই মোনাখনৰপৰা শাৰীৰ পেকেটটো উলিয়াই মই কোম্পানিৰ অফিছৰ সলনি ইনফ'টেক এডুকেশ্যনেল ছেণ্টাৰলৈ কোবাকুবিকৈ খোজ ল’ম আৰু শৰ্বৰীক ক’ম, –“আজি মোৰ অফিছ ছুটী।”

 কি ক’ব তেতিয়া তেওঁ মোক? দুপৰীয়াৰ ব্ৰেকত এসাঁজ খাবলৈ তেওঁ মোৰ সৈতে ‘নোভা’লৈ যাবনে? মাথোন তিনিমাহৰ চিনাকি আৰু দুটা সপ্তাহৰ ঘনিষ্ঠতাৰে তেওঁ মই দিয়া এখন নীলা চিফনৰ শাৰী পিন্ধিবনে?

 আজি ৰাতিপুৱাৰপৰা মই ইমান উদ্বিগ্নতাত ভুগিছোঁ যে মোৰ মুখখন কিজানি বিবৰ্ণ হৈ পৰিছে। ব্ৰাছটোৰে দুগালত চাবোনৰ ফেন সানি সানি আৰ্চীখনত লক্ষ্য কৰিছোঁ, — মোৰ প্ৰতিবিম্বটো যেন অসহায় হৈ পৰিছে। একমুহূৰ্তৰ বাবে এনেকুৱা লাগিছে যেন আৰ্চীত প্ৰতিবিম্বিত হোৱা মুখখন মোৰ নহয়।

 তথাপি মই এটা সিদ্ধান্তত উপনীত হৈছোঁ। কাষৰ ফ্লেট এটাৰপৰা কোনো এক নিজান বাটেৰে মোলৈ অকণ মৰম আহিছে, সেই মৰমক মই নেওচা নিদিওঁ। পাৰফিউম আৰু আফটাৰ শ্বেভ ল’শ্যনৰ মাজেৰে জীৱনে মোলৈ চাই মিচিকিয়াই হাঁহিছে, মই তাক বিমুখ নকৰোঁ এই দুটা সপ্তাহ পৃথিৱীখন মোৰ ভীষণ ভাল লাগি গৈছে। মনলৈ উদ্যম আহিছে। শৰীৰটোৰ ক'ৰবাত যেন অফুৰন্ত শক্তি আহি গোট খাইছেহি। গতিকে পিছফালে উভতি চোৱাৰ প্ৰয়োজন কি,— মই নিজকে কৈছোঁ,— সাজু হোৱা।

 আৰু হঠাৎ, মোৰ জীৱনৰ এই নিৰ্ণায়ক মুহূৰ্তত বাৰাণ্ডাৰ গাতে লাগি থকা কোঠালি এটাত কাপোৰৰ মোনাখন খৰমৰাই উঠিছে। মই ত্ৰস্ত হৈ উঠিছোঁ আৰু পাছমুহূৰ্ততে নিৰ্মিতাই চিঞৰি উঠিছে,— “এইটো কিহৰ পেকেট?”

 কেইটামান মিনিটৰ বাবে মোৰ যেন নাড়ীৰ স্পন্দন স্তব্ধ হৈ গৈছে। মোৰ সোঁ গালখনৰ ওপৰেৰে কৌণিক গতিৰে চলি থকা ৰেজৰপাট যন্ত্ৰবৎ ৰৈ গৈছে। আৰু মই অসহায়ভাৱে এটা বিৰাট ধুমুহাৰ বাবে অপেক্ষা কৰিছোঁ।

 আৰু সেই চিৰসন্দেহী আত্মাই বিস্ময়ত অভিভূত কৰি পিছফালৰপৰা দুবাহুৰে মোক সাবটি ধৰিছে আৰু এখন্তেক ৰৈ গভীৰ প্ৰত্যয়ৰ সুৰেৰে কৈছে,— “হয়, আজি